নলবাৰীৰ দৌলাশালত বিৰিণা গোষ্ঠী অসমৰ বৰ্ষপূৰ্তি অনুষ্ঠান, ‘বিৰিণা সংবাদ প্ৰহৰী’ আৰু ‘বিৰিণা সাহিত্য বঁটা’ প্ৰদান

 


নলবাৰী জিলাৰ দৌলাশালত সাহিত্য সাংস্কৃতিক অনুষ্ঠান ‘বিৰিণা গোষ্ঠী অসম’ৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠান। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠান।বিৰিণা গোষ্ঠী অসমৰ উপদেষ্টা নকুল তালুকদাৰে সভাপতিত্ব কৰা মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট  ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে বজালী জিলাৰ উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সাহিত্যিক ইছমাইল হুছেইন, বিশিষ্ট সাহিত্যিক ড০ দয়ানন্দ পাঠককে প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।


মুকলি সভাৰ মাজে মাজে কবিতা গীত–মাতৰে জীপাল হৈ পৰা অনুষ্ঠানটোত কবিতা পুথি আৰু কেইবাখনো গ্ৰন্থ উন্মোচন কৰে। ইফালে আজিৰ এই অনুষ্ঠানত News18 অসম নৰ্থ ইষ্টৰ এছ’ছিয়েট এডিটৰ তুলিকা দেৱীলৈ "বিৰিণা সংবাদ প্ৰহৰী বঁটা ২০২২" প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে সাহিত্যিক ইছমাইল হুছেইনে। লগতে ‘বিৰিণা সাহিত্য বঁটা ২০২২’ প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক ড০ দয়ানন্দ পাঠকলৈ। এই বঁটা প্ৰদান কৰে বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। উক্ত বঁটাত আছে মানপ্ৰত্ৰ, চেলেং চাদৰ, গামোচা, ফুলাম জাঁপি, অভিধান, নগদ ধন আৰু স্মাৰক।

বঁটা গ্ৰহণ কৰি ড০ দয়ানন্দ পাঠকে অসমীয়া ভাষা সন্দৰ্ভত বিভিন্ন মন্তব্য কৰে। ইফালে News18 অসম নৰ্থ ইষ্টৰ এছ’ছিয়েট এডিটৰ তুলিকা দেৱীয়ে ভাষণত মফচলীয়া সাংবাদিকসকলক ধন্যবাদ জনোৱাৰ  লগতে বিৰিণা গোষ্ঠীক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়।

আজিৰ এই অনুষ্ঠানত বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক আৰু সম্পাদক তফিকুৰ ৰহমানৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ কাৰ্যকৰ্তা আৰু সদস্যসকল উপস্থিত থাকে।আজিৰ এই অনুষ্ঠানত অসমৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত কবি, সাহিত্যিক, শিল্পীক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জনাই। মুকলি সভাৰ পিছতে সামৰণি পৰে বিৰিণা গোষ্ঠী অসমৰ সপ্তম বাৰ্ষিক বৰ্ষপূৰ্তি অনুষ্ঠানৰ।

Post a Comment

Previous Post Next Post