গভীৰ খাদ্য সংকতে দেখা দিব ইউক্ৰেইনত! ৰাছিয়াই নিমিষতে ধ্বংস কৰি দিলে বিশাল খাদ্য ভাণ্ডাৰ

 


ইউক্ৰেইনক পৰাস্ত কৰাৰ নতুন কৌশল অৱলম্বন কৰিছে ৰাছিয়াই। বহু চেষ্টা কৰিয়ো ইউক্ৰেইনৰ সেনাক পৰাস্ত কৰিব নোৱাৰি এইবাৰ খাদ্য ভাণ্ডাৰক লক্ষ্য কৰি লৈছে ৰাছিয়ান সেনাই।

সেয়ে ৰাছিয়াই এইবাৰ ইউক্ৰেইনৰ খাদ্য সংৰক্ষণৰ গুদামত বোমাৰে আক্ৰমণ কৰিছে। এয়াৰ ষ্ট্ৰাইক কৰিছে ৰাছিয়ান সেনাই। এক বিশাল খাদ্য ভাণ্ডাৰত আক্ৰমণ কৰি ধ্বংস কৰি দিছে।

যুদ্ধৰ যেন শেষ হোৱাৰ নাম নাই। ১৭ টা দিন ধৰি অব্যাহত আছে এই ৰাছিয়া-ইউক্ৰেইন যুঁজ। ৰাছিয়াই বৰ্তমানেও ইউক্ৰেইনত অব্যাহত ৰাখিছে ধ্বংসলীলা।

ৰাছিয়াৰ সেনাই উক্ৰেইনৰ ৰাজধানী কেইভৰ অধিক কাষলৈ গৈছে। কেইভত শনিবাৰে পুৱা ভয়ংকৰ বিস্ফোৰণৰ খবৰ প্ৰকাশ পাইছে। খাদ্যভাণ্ডাৰত আক্ৰমণ কৰিছে সেনাই।

আনহাতে ইউক্ৰেইনৰ সংসদে টুইটাৰত কৈছে, ১০ জনীয়া অধিকাৰীৰ এটা দলে মেলিটোপোলৰ মেয়ৰ ইভান ফেডোৰভক অপহৰণ কৰিছে।

জানিব পৰা মতে, ফেডোৰভে চহৰখন দখল কৰা ৰাছিয়ান সেনাৰ সৈতে সহযোগিতা কৰিবলৈ অস্বীকাৰ কৰিছিল। যাৰ বাবেই মেয়ৰ গৰাকীক অপহৰণ কৰি নিয়ে ৰাছিয়ান সেনাৰ দলে।

Post a Comment

Previous Post Next Post