মহিলা বিশ্বকাপৰ তৃতীয়খন খেলত ভাৰতীয় মহিলা দলৰ বৃহৎ জয়, ১৫৫ ৰানৰ ব্যৱধানত পৰাস্ত ৱেষ্ট ইণ্ডিজ

 


২০২২ মহিলা বিশ্বকাপৰ আজিৰ ভাৰতীয় মহিলা দলৰ তৃতীয় খন খেলত বৃহৎ জয়। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ বিজয় সাব্যস্ত কৰি মিতালী ৰাজ নেতৃত্বাধীন ভাৰতীয় মহিলা দলে।

আজিৰ এই খেল খনত ভাৰতীয় মহিলা দলে ৮ টা উইকেট হেৰুৱাই ৩১৭ ৰানৰ বিশাল পাহাৰ গঢ়ি তোলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে।

ভাৰতীয় দলৰ অধিনায়ত মিতালী ৰাজ আজিৰ খেলত বিশেষ কোনো সফলতা লাভ নকৰিলেও স্মৃতি মান্ধানা আৰু হৰমনপ্ৰীত কৌৰে শতক কৰে এই খেলত।



আনহাতে ৱেষ্ট ইণ্ডিজ মহিলা ক্ৰিকেট দলে ৪০.৩ অভাৰত কেউটা উইকেট হেৰুৱাই মাত্ৰ ১৬২ ৰানতে পৰিসৰ সামৰি থয়। ১৫৫ ৰানৰ ব্যৱধানত পৰাজয় হয় ৱেষ্ট ইণ্ডিজ দল।

এই জয়েৰে ভাৰতে এইবাৰৰ বিশ্বকাপত দ্বিতীয়টো জয় লাভ কৰি মুঠ ৪ পইণ্ট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমখনত পাকিস্তানৰ বিৰুদ্ধে ১০৭ ৰানৰ ব্যৱধানত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে, দ্বিতীয়খন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৬২ ৰানৰ ব্যৱধানত পৰাজিত হৈছিল।

এতিয়া ভাৰতৰ পৰৱৰ্তী খেল খন অনুষ্ঠিত হব ১৬ মাৰ্চ তাৰিখে। ইংলেণ্ডৰ বিৰুদ্ধে নামিব ভাৰতীয় ক্ৰিকেট দল।

উল্লেখ্য যে, আজিৰ খেল খনত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজে খেল পথাৰত নামিয়ে অভিলেখ গঢ়ে।


বিশ্বৰ প্ৰথমগৰাকী মহিলা অধিনায়ক হিচাপে বিশ্বকাপত সৰ্বাধিক খেলত অংশ লোৱাৰ অভিলেখ গঢ়ে মিতালী ৰাজে। আজিৰে সৈতে বৰ্তমানলৈ মুঠ ২৪ খন খেলত অধিনায়ক হিচাপে অংশ লৈছে মিতালী ৰাজে।

লগতে ভাৰতীয় বলাৰ ঝুলন গোস্বামীয়েও অভিলেখ গঢ়ে। মহিলা বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰী মহিলাৰ অভিলেখ নিজৰ নামৰ ৰাখে।



Post a Comment

Previous Post Next Post