আজি পৌৰ সভা নিৰ্বাচনৰ ভোটগণনা, বিজেপিৰ অগ্ৰগতি

 


ৰাজ্যত অলপতে অনুষ্ঠিত হৈ যোৱা পৌৰ সভা নিৰ্বাচনৰ আজি ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

পুৱা ৮ বজাৰ পৰা ৰাজ্যৰ মুঠ ৮০ খন পৌৰ সভাৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।

ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে তিনিখন পৌৰ সভা দখল কৰিছে।

ৰাজ্যৰ ৮০ খন পৌৰ সভাৰ ৯৭৭ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৫৭ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছিল।

ৰাজ্যৰ পৌৰ সভাৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপিৰ লগতে কংগ্ৰেছ, অগপ আদি দলেও তীব্ৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।    

বৰ্তমানলৈ হোৱা ভোট গণনাত বিজেপিয়ে ৩৫ টা ৱাৰ্ডত অগ্ৰগতি লাভ কৰিছে।

Post a Comment

Previous Post Next Post