অভিনেত্ৰী সোণাক্ষী সিনহাৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

 


বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহাৰ বিৰুদ্ধে উত্তৰপ্ৰদেশৰ মুৰাদাবাদৰ ন্যায়িক দণ্ডাধীশৰ আদালতে অলপতে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

ধন লোৱাৰ পাছতো এটা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ অভিযোগত অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে এই জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে।

মুৰাদাবাদৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে সোণাক্ষী সিনহাৰ বিৰুদ্ধে যিটো গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰৱোনা জাৰি কৰিছে সেই গোচৰটো চাৰি বছৰ পুৰণি।

অভিনেত্ৰী গৰাকীয়ে গোচৰটোৰ এটাও শুনানিত অভিনেত্ৰী গৰাকী হাজিৰ নোহোৱা বাবেই এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

অভিনেত্ৰী সোণাক্ষী সিনহা আৰু অন্য চাৰিজন লোকৰ বিৰুদ্ধে ২০১৮ চনত উত্তৰপ্ৰদেশ কাটঘৰ থানাত ৩৬ লাখ টকা আত্মসাতৰ গোচৰ ৰুজু কৰা হৈছিল।

ইপিনে, সোণাক্ষী সিনহাৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পাছতে অভিনেত্ৰী গৰাকীয়ে তেওঁক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে এই কাম কৰা হৈছে বুলি মন্তব্য কৰে।  

Post a Comment

Previous Post Next Post