আমেৰিকাই বন্ধ কৰিলে ৰাছিয়াৰ পৰা তেল আৰু গেছৰ আমদানি



ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেনে ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰিছে।

সংবাদ মাধ্যমক সম্বোধন কৰি জ’ বিডেনে ৰাছিয়াক ইউক্ৰেইন আক্ৰমণৰ বাবে জগৰীয়া কৰি ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰাৰ কথা ঘোষণা কৰে।

“আমি ৰাছিয়াৰ পৰা তেল আৰু গেছকে ধৰি সকলো ধৰণৰ সামগ্ৰীৰ আমদানি বন্ধ কৰিম,” জ’ বিডেনে এইদৰে কয়।

এতিয়াৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্দৰত কোনোধৰণৰ ৰাছিয়াৰ তেল গ্ৰহণ কৰা নহ’ব।

উল্লেখযোগ্য যে, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰে পৰা বিভিন্ন দেশে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে।

ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত বিভিন্ন দেশে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত ৰাছিয়া বিশ্বৰ সৰ্বাধিক নিষেধাজ্ঞাৰ সন্মুখিন হোৱা দেশ হিচাপে পৰিগণিত হৈছে।

Post a Comment

Previous Post Next Post