বিহাৰ ক্ৰিকেট এছ’চিয়েছনৰ সভাপতিৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগত এজাহাৰ দাখিল

 


বিহাৰ ক্ৰিকেট এছ’চিয়েছনৰ সভাপতি ৰাকেশ টিৱাৰীৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গুৰুগ্ৰামৰ এগৰাকী মহিলাই।

বিহাৰ ক্ৰিকেট এছ’চিয়েছনৰ সভাপতি গৰাকীৰ বিৰুদ্ধে গুৰুগ্ৰামৰ মহিলা গৰাকীয়ে বিগত বৰ্ষত দিল্লীৰ এখন পঞ্চতাৰকা যুক্ত হোটেলত তেওঁক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।

গুৰুগ্ৰামৰ মহিলা গৰাকীয়ে এটা বিজ্ঞাপন প্ৰতিষ্ঠানত কাম কৰিছিল।

গুৰুগ্ৰামৰ মহিলা গৰাকীয়ে পাবলগীয়া ধন বিচাৰি ৰাশেক টিৱাৰীক লগ কৰিবলৈ যোৱাৰ সময়তে ৰাকেশ টিৱাৰীয়ে পঞ্চতাৰকাযুক্ত হোটেলখনত তেওঁৰ ধৰ্ষণৰ চেষ্টা কৰিছিল বুলি প্ৰকাশ কৰে।

মহিলা গৰাকীৰ এই বিস্ফোৰক অভিযোগৰ পাছতে আৰক্ষীয়ে বিহাৰ ক্ৰিকেট এছ’চিয়েছনৰ সভাপতি গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে এজাহাৰ দাখিল কৰাৰ পাছত ধৰ্ষণৰ অভিযোগত অভিযুক্ত ৰাকেশ টিৱাৰীৰ বিৰদ্ধে প্ৰয়োজনীয় আইনী ব্যাৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

Post a Comment

Previous Post Next Post