ভয়ংকৰ দুৰ্ঘটনা; অচিনাক্ত বাহনৰ খুন্দাত নৃপেন কলিতাৰ মৃত্যু, এগৰাকী গুৰুতৰভাৱে আহত

 


পাঠশালাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অচিনাক্ত বাহনে এজন চাইকেল আৰোহী আৰু এজন পথচাৰিক মহতিয়াই লৈ যোৱাৰ খবৰ আহিছে।

দুৰ্ঘটনাটোত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাবে আহত হৈছে।

নিহত লোকজন পাঠশালাৰ সমীপৰ বৰবাং গাঁৱৰ নৃপেন কলিতা বুলি চিনাক্ত কৰা হৈছে।

এতিয়ালৈকে পৰিচয় উদ্ধাৰ নোহোৱা আহত মহিলাগৰাকীক চিকিৎসাৰ বাবে পাঠশালা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

এই দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি একাংশ স্থানীয় লোকে পৰিস্থিতি উত্তপ্ত কৰি তুলি অতি শীঘ্ৰে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিবলৈ দাবী জনায়।

অৱশ্যে লগে লগে ঘটনাস্থলত পাঠশালা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Post a Comment

Previous Post Next Post