ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতে দেশখনৰ ওপৰত বিভিন্ন দেশে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে ৰাছিয়াত বিশ্বৰ বিভিন্ন জনপ্ৰিয় কোম্পানীয়ে নিজৰ ব্যাৱসায় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত মেকড’নাল্ডে ৰাছিয়াত থকা তেওঁলোকৰ ৮৫০ খন ৰেষ্টুৰেণ্ট সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত ষ্টাৰবাক, কোকা-কোলা, পেপছিকো আৰু জেনেৰেল ইলেকট্ৰিকো ৰাছিয়াত ব্যাৱসায় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অৱশ্যে পেপছিকোৱে ৰাছিয়াত অত্যাৱশ্যকীয় সামগ্ৰী যেনে গাখীৰ আৰু শিশুৰ খাদ্যৰ ব্যাৱসায় অব্যাহত ৰাখিব।
ষ্টাৰবাক, পেপছিকোৰ উপৰিও কেল্লোগ’ছ, কেএফচিৰ ব্ৰ্যাণ্ড য়ুমেও ৰাছিয়াত ৰাছিয়াত নিজৰ নিজৰ বিনিয়োগ বন্ধ কৰিছে।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধত অন্য ৰাষ্ট্ৰ সমূহে প্ৰত্যক্ষভাৱে যুদ্ধত নামি পৰা নাই যদিও পশ্চিমীয়া দেশ সমূহে ৰাছিয়াৰ ওপৰত কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনেও সংবাদমেল সম্বোধন কৰি ৰাছিয়াৰ পৰা তেল আৰু গেছৰ আমদানি বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।