বাৰাণসীত ইভিএম চুৰি সম্পৰ্কত অখিলেশ যাদৱৰ অভিযোগৰ কি স্পষ্টীকৰণ দিলে নিৰ্বাচনী আয়োগে?

 


বাৰাণসীত এখন বাহনৰ ভিতৰত ইভিএম উদ্ধাৰ হোৱাৰ পাছতে সমাজবাদী পাৰ্টিৰ নেতা অখিল যাদৱে ইভিএম টেম্পাৰিং হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ পাছতে উদ্ধাৰ হোৱা ইভিএম সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিছে নিৰ্বাচনী আয়োগে।

বাৰাণসীত স্থানীয় প্ৰাৰ্থীক খবৰ নকৰাকৈ ইভিএম চুৰি হোৱা বুলি অখিলেশ যাদৱে অভিযোগ কৰাৰ পাছতে নিৰ্বাচনী আয়োগে নিজৰ স্পষ্টীকৰণ দাঙি ধৰি গাড়ীৰে লৈ যোৱা ইভিএম সমূহ প্ৰশিক্ষণৰ বাবে লৈ গৈ থকা হৈছিল বুলি কয়।

“নিৰ্বাচনী ভোট গণনাৰ প্ৰশিক্ষণৰ বাবে এই ইভিএম সমূহ লৈ যোৱা হৈছিল। ভোট গণনাত থাকিবলগীয়া বিষয়া সকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে ইভিএম সমূহ ট্ৰেইনেৰে লৈ যাবৰ বাবে গাড়ীৰে নিয়া হৈছিল,” নিৰ্বাচন আয়োগে এইদৰে ইভিএম বিতৰ্ক সম্পৰ্কত এইদৰে কয়।

উল্লেখযোগ্য যে, বাৰাণসীত বাহনৰ ভিতৰত ইভিএম উদ্ধাৰ হোৱাৰ পাছতে সমাজবাদী পাৰ্টিৰ নেতা-কৰ্মী সকলে ইয়াক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অখিলেশ যাদৱে অযোধ্যাত বিজেপি হাৰিব বুলি ভয় খাই এইদৰে ইভিএম চুৰি কৰিবলৈ লৈছে আৰু এই কাৰ্য্যত নিৰ্বাচনী আয়োগেও সহযোগিতা কৰিছে বুলি মন্তব্য কৰিছিলছ।

Post a Comment

Previous Post Next Post