চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নগালেণ্ড সীমান্তত থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলত চাৰিদিন পূৰ্বে কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। আৰু এই জুইয়ে এতিয়া অভয়াৰণ্যখনত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
এই জুই এতিয়া বনাঞ্চলখনৰ ন ন অঞ্চললৈ বিয়পি পৰিছে ৷ বিগত চাৰিদিন ধৰি অব্যাহত থকা এই অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ বন বিভাগৰ লগতে জিলা প্ৰশাসনে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে৷
বনাঞ্চলখনত অগ্নি নিৰ্বাপনৰ বাবে শনিবাৰে জিলা উপায়ুক্ত পল বৰুৱা, আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে ভাৰতীয় সেনাবাহিনীৰ এটা দল উপস্থিত হয় ৷ আনহাতে অগ্নিকাণ্ড সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷
বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তৎপৰতাত বন বিভাগে বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু শীঘ্ৰে অগ্নি নিৰ্বাপিত হোৱাৰ আশা প্ৰকাশ কৰিছে।
বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তৎপৰতাত বন বিভাগে বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু শীঘ্ৰে অগ্নি নিৰ্বাপিত হোৱাৰ আশা প্ৰকাশ কৰিছে।
Tags:
Assam