মাতৃ হোৱাৰ পিছত প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ আটাইতকৈ দামী গাড়ীখন বিক্ৰী কৰিছিল

 


অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক দেখা গৈছে অতি ব্যস্ততাৰ মাজত। কিয়নো আজিকালি তেওঁক মাতৃত্বৰ দায়িত্ব পালন কৰি থকা দেখা গৈছে। এয়া সকলোৰে জ্ঞাত যে অভিনেত্ৰীগৰাকী অলপতে মাতৃ হৈছিল আৰু মাতৃ হোৱাৰ পিছত তেওঁক অতি ব্যস্ত দেখা গৈছে।


ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীৰ সৈতে সম্পৰ্কিত এটা বাতৰি ওলাইছে, য'ত দাবী কৰা হৈছে যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কোটিটকীয়া গাড়ীখন বিক্ৰী কৰিছে। এই বাতৰিৰ পিছত অনুৰাগীয়ে জানিব বিচাৰে যে প্ৰিয়ংকাই কিয় এনে কৰিছিল?

প্ৰিয়ংকা চোপ্ৰাই যেতিয়া তেওঁৰ বিলাসী গাড়ী ৰোলছ ৰইছ ঘোষ্টত  উঠি কোনো ঠাইলৈ গৈছিল, সকলোৰে চকু তেওঁৰ ফালে গৈছিল। এই গাড়ীখন আৰু অধিক ধুনীয়া কৰিবলৈ প্ৰিয়ংকাই বহুতো বিলাসী ইণ্টেৰিয়ৰ আৰু ফেন্সী গেজেট ব্যৱহাৰ কৰিছিল। গতিকে ইমান মৰমৰ গাড়ীখন বিক্ৰী কৰা কথাটো শুনি স্বাভাৱিকতে কৌতূহল বৃদ্ধি হব পাৰে অনুৰাগীৰ।

কোৱা হৈছে যে প্ৰিয়ংকা ২০১৩ চনত এই বিলাসী গাড়ীখন কিনিছিল। এতিয়া বিলাসী গাড়ীখন বেংগালুৰুস্থিত এজন ব্যৱসায়ীক বিক্ৰী কৰিছে। পিংকভিলাৰ প্ৰতিবেদন অনুসৰি, প্ৰিয়ংকা চোপ্ৰাই এই বিলাসী গাড়ীখন কিমান দামত বিক্ৰী কৰিছে সেয়া এতিয়াও জনা হোৱা নাই যদিও প্ৰিয়ংকাই তেওঁৰ প্ৰিয় গাড়ীখন দীৰ্ঘদিন ধৰি তেওঁৰ গেৰেজত পৰি থকাৰ বাবে বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল।

প্ৰিয়ংকাই বিয়াৰ পিছৰে পৰা আমেৰিকালৈ স্থানান্তৰিত হৈছে আৰু তাৰ পৰা তেওঁ নিজৰ কাম চলাই আছে। কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে, 'দ্য মেট্ৰিক্স ৪'ত দেখা পোৱা প্ৰিয়ংকা চোপ্ৰা এতিয়া আমাজন প্ৰাইমৰ ছিৰিজ 'সীতাডেল' আৰু 'টেক্সট ফৰ ইউ'ৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ আছে। প্ৰিয়ংকাৰ মাক মধু চোপ্ৰাই এটা অনুষ্ঠানত কৈছিল যে কেঁচুৱাটোৰ নাম এতিয়াও দিয়া হোৱা নাই আৰু পণ্ডিতৰ দ্বাৰা মাংগলিক অনুষ্ঠান কৰাৰ পিছত নামটো দিয়া হ'ব।

Post a Comment

Previous Post Next Post