ফেডেৰেৰক পৰাস্ত কৰা ইউক্ৰেইনৰ এইজন টেনিছ ষ্টাৰে হাতত তুলি ল’লে ৰাইফল

 


ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজত হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য হৈছে ইউক্ৰেইনৰ এসময়ৰ টেনিছ খেলুৱৈ চেৰজি স্তাখ’ভস্কিয়ে।

ইউক্ৰেনিয়ান টেনিছ ষ্টাৰ স্তাখ’ভস্কিয়ে ২০১৩ চনৰ ইউম্বলডন টেনিছ প্ৰতিযোগিতাত সেই সময়ৰ বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ ৰ’জাৰ ফেডেৰেৰক পৰাস্ত কৰিছিল।

চেৰজি স্তাখ’ভস্কিয়ে ২০১৩ চনৰ ইউম্বলডনৰ দ্বিতীয় ৰাউণ্ডত ফেডেৰাৰক পৰাস্ত কৰিছিল।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত চেৰজি স্তাখ’ভস্কিয়ে হাতত ৰাছিয়ান কালাছনিকোভ ৰাইফল লৈ ইউক্ৰেইনৰ ময়দান স্কোৱেৰত পহৰা দি থকা দেখা গৈছে।

“মই নাযানো মই মই হাতত ৰাইফল লৈ কাৰোবাক গুলীয়াব পাৰিম নে নাই,” টেনিছ খেলুৱৈ গৰাকীয়ে এইদৰে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পাছত বহু ইউক্ৰেইনৰ সাংসদ আৰু অভিনেতাই হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য হৈছিল।

Post a Comment

Previous Post Next Post