ৰুছ সেনাৰ আক্ৰমণত ৯ বছৰীয়া কণমানিয়ে হেৰুৱালে হাত!

 


"মই জানো যে, তেওঁলোকৰ উদ্দেশ্য মোক আঘাত কৰাই নাছিল। ইউক্ৰেইনৰ এগৰাকী ৯ বছৰীয়া কণমানিয়ে এনেদৰে কয়। যি ৰুছ সেনাৰ আক্ৰমণত কেৱল নিজৰ দেউতাককে হেৰুওৱা নাই, নিজৰ হাতখনো হেৰুৱালে। কণমানিজনীৰ এইষাৰ কথাই মন চুইছে বহুতৰে।


শিশুটোৰ নাম হৈছে ছাছা। বৰ্তমান কণমানিজনীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে, ৰুছ-ইউক্ৰেইন যুদ্ধৰ ফলত ৯৭ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। এই সংখ্যা ৰাষ্ট্ৰপতি জেলেনস্কিয়ে নিজেই সদনত এক প্ৰতিবেদনত উল্লেখ কৰিছে।
'ডেইলী মেইল'ৰ প্ৰতিবেদন অনুসৰি, ছাছাই যোৱা সপ্তাহত ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ উপনগৰ হোষ্টমেলৰ পৰা তেওঁৰ দেউতাক, মাতৃ আৰু ভগ্নীৰ সৈতে আহি থকাৰ সময়তে তেওঁলোকৰ গাড়ীলৈ লক্ষ্য কৰি ৰাছিয়ান সেনাই গুলীবৰ্ষণ কৰিছিল। আৰু এই ঘটনাত ছাছাই নিজৰ পিতৃক হেৰুওৱাৰ লগতে নিজৰ হাতখনো হেৰুৱাইছে।

আক্ৰমণত ছাছাৰ শৰীৰতো গুলী লাগিছিল। পিছত একাংশ লোকে কোনোমতে ছাছাক হাস্পতাললৈ লৈ যায়। পিছত জ্ঞান ঘূৰাই পোৱাৰ পিছত ছোৱালীজনীয়ে কয় যে, "মই নাজানো ৰাছিয়ানসকলে মোক কিয় গুলীয়াইছিল। মই ভাবো এইটো কেৱল এটা দুৰ্ঘটনা আছিল। আৰু তেওঁলোকৰ উদ্দেশ্যই মোক আঘাত কৰা নাছিল।'

Post a Comment

Previous Post Next Post