পাঁচ ৰাজ্যৰ ফলাফল ২০২৪-ৰ সাধাৰণ নিৰ্বাচনৰ আভাস!

 


পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ এক স্পষ্ট আভাস দিলে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে, এই ফলাফলে লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে নিশ্চিত বিজয়ৰ ভৱিষ্যতবাণী কৰিছে৷ অৱশ্যে, প্ৰশান্ত কিশোৰে নৰেন্দ্ৰ মোদীৰ এই থিয়ৰীক প্ৰত্যাখ্যান কৰিলে। তাৰ পৰিৱৰ্তে, নিৰ্বাচনী ৰণনীতিবিদজনে দাবী কৰিছে যে, লোকসভা নিৰ্বাচনত কি হ'ব সেয়া ২০২৪ চনতে ঠিক হ'ব৷ কোনো ৰাজ্যিক নিৰ্বাচনৰ ফলাফলৰ ভিত্তিত নহয়৷ এক টুইটযোগে প্ৰশান্ত কিশোৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'চাহেব' বুলিও কটাক্ষ কৰে৷


প্ৰশান্ত কিশোৰে টুইটাৰত লিখিছে, "ভাৰতৰ হৈ যুঁজ ২০২৪ চনত হ'ব আৰু তাৰ পিছত ফলাফল নিৰ্ধাৰণ কৰা হ'ব, কোনো ৰাজ্যৰ নিৰ্বাচনৰ দ্বাৰা নহয়৷ চাহেবে এইটো ভালদৰে জানে৷ সেয়েহে তেওঁ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ এই উন্মাদনা সৃষ্টি কৰি বিৰোধীৰ ওপৰত মানসিক চাপ দিয়াৰ কৌশল গ্ৰহণ কৰিছে৷ এই মিছা প্ৰচাৰৰ অংশ নহ'ব৷''

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ নিৰ্বাচনক ফাইনেল হিচাপে গণ্য কৰা হৈছিল৷ ২০১৭ চনৰ তুলনাত প্ৰায় ৫০ খন আসন হ্ৰাস হোৱা স্বত্বেও বিজেপিয়ে উত্তৰ প্ৰদেশত ২৭৩ খন আসন লাভ কৰিছে৷


উত্তৰাখণ্ড আৰু মণিপুৰতো বিজেপি জয়ী হৈছে৷ তেওঁলোকে গোৱাতো চৰকাৰ গঠন কৰিবলৈ গৈ আছে৷ ইয়াকে লৈ আনন্দিত হৈ থকা বিজেপি শিবিৰে ধৰি লৈছে যে ২০২৪ চনৰ আধা কাম ইতিমধ্যে কৰা হৈছে৷ অন্ততঃ প্ৰধানমন্ত্ৰীৰ মন্তব্যত এই কথা স্পষ্ট ৷

বিৰোধীৰ দৰে প্ৰশান্ত কিশোৰ কিন্তু এই দাবীৰ সৈতে একমত নহয়৷ ঘটনাক্ৰমে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ সময়তো প্ৰশান্ত কিশোৰে ভৱিষ্যতবাণী কৰিছিল যে, বিজেপিয়ে তিনি সংখ্যাৰ সীমাত উপনীত নহ'ব৷ শেষত তেওঁৰ কথাষাৰেই মিলি গৈছিল।

কিছুদিন ধৰি প্ৰশান্ত কিশোৰ আৰু তেওঁৰ সংগঠন তৃণমূল নেতৃত্বৰ পৰা দূৰত্বত অৱস্থান কৰাকলৈ জল্পনা-কল্পনা চলি আছিল। অৱশ্যে, দুদিন পূৰ্বে তৃণমূলৰ সাংগঠনিক সভাত মমতা বেনাৰ্জীৰ সৈতে প্ৰশান্ত কিশোৰৰ উপস্থিতিয়ে সেই জল্পনা-কল্পনাত চেচাপানী ঢালে৷ প্ৰশান্ত কিশোৰেও তৃণমূলৰ হৈ বিৰোধীৰ সমন্বয়ৰ ভূমিকা পালন কৰিবলৈ গৈছে৷ পাঁচখন ৰাজ্যৰ ফলাফলত বিজেপি শিবিৰ যিমানেই সুখী নহওঁক কিয়, প্ৰশান্ত কিশোৰে এতিয়া এৰি দিয়া নাই৷ এই কথা তেওঁ স্পষ্ট কৰি দিলে।

Post a Comment

Previous Post Next Post