এসময়ত অখিল-কেজৰিৱালে পৰিচালনা কৰিছিল আন্না আন্দোলন!

 


২০১১ চনত দিল্লীত বিশিষ্ট সমাজ কর্মী আন্না হাজাৰেৰ নেতৃত্বত অনুষ্ঠিত হোৱা ১৩দিনীয়া দুৰ্নীতি বিৰোধী আন্দোলন ভাৰতৰ ৰাজনীতিৰ এক যুগান্তকাৰী ঘটনা। বৰ্ষীয়ান সমাজ কৰ্মী আন্না হাজাৰে এখন দুৰ্নীতিমুক্ত দেশ গঢ় দিয়াৰ স্বাৰ্থত আমৰণ অনশন বহিছিল। হাজাৰ-বিজাৰ এনে অনশনৰ মাজত আন্নাৰ অনশন একক তথা অনন্য আছিল আৰু সমগ্ৰ দেশত চর্চা লাভ কৰিছিল। ২০১৪চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ লজ্জাজনক পৰাজয়ৰ এটা অন্যতম কাৰণ আছিল সেই আন্দোলন। আন্না আন্দোলনৰ সফলতাৰ কাৰণ আছিল ইয়াৰ কৌশলী পৰিচালনা ।


কোনো প্ৰতিষ্ঠিত ৰাজনৈতিক ধাৰাক মঞ্চ হাইজেক কৰিবলৈ নিদি কেৱল সাধাৰণ ৰাইজক দুৰ্নীতিগ্ৰস্ত শাসনতন্ত্ৰৰ পৰা মুক্ত কৰাটোকে উদ্দেশ্য হিচাপে প্ৰদৰ্শিত কৰা হৈছিল । আৰু তেনে এক বাৰ্তা সফল ভাৱে প্ৰেৰণৰ আঁৰত আছিল অৰবিন্দ কেজৰিৱাল আৰু অখিল গগৈৰ তীক্ষ্ন বুদ্ধিমত্তা ।

অখিল গগৈ আৰু অৰবিন্দ কেজৰিৱালে সেই দিনকেইটাত মঞ্চত পিছপিনৰ গোপন কক্ষত ৰচনা কৰিছিল প্ৰতিদিনৰ ব্লু-প্ৰিণ্ট। তেওঁলোকক সংগ দিছিল যোগেন্দ্ৰ যাদৱ, জেনেৰেল ভি কে সিং, কিৰণ বেদী, প্ৰশান্ত ভূষণ, কুমাৰ বিশ্বাস, মনিষ চিচ’দিয়া আদি ব্যক্তিয়ে ।

আন্দোলনৰ উদ্দেশ্য আৰু ধাৰণাৰ প্ৰসাৰৰ কাৰণে কেৱল দিল্লীৰ ৰামলীলা মৈদানত আৱদ্ধ হৈ নাথাকি অখিল গগৈয়ে ৰাজনৈতিক নেতাৰ ঘৰৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই সময়ত বিৰোধী দলৰ দলপতি লাল কৃষ্ণ আদৱানীৰ বাসগৃহ বাহিৰত অখিলৰ নেতৃত্বত হোৱা অৱস্থান ধৰ্মঘটে শিৰোনাম দখল কৰিছিল। ৰাষ্ট্ৰীয় সংবাদ মধ্যমত বহুল ভাৱে চৰ্চিত হৈছিল অখিল গগৈ।

ইপিনে অসমৰ সেই সময়ৰ কংগ্ৰেছ চৰকাৰে অখিল গগৈক গ্ৰেপ্তাৰ কৰোতে দিল্লীৰ অসম ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল অৰবিন্দ কেজৰিৱালে। অসমত অখিল গগৈৰ বহু আমৰণ অনশনৰ এটাত মুখত পানী এটুপি দি অনশন ভংগ কৰিবলৈ দিল্লী পৰা ঢপলিয়াই আহিছিল কেজৰিৱাল। অৰবিন্দ কেজৰিৱালে সমাজিক কৰ্মী হিচাপে দিল্লীত কাৰ্যকৰী কৰা পৰিকল্পনা সমূহ অখিল গগৈয়ে নিজৰ সৃষ্ট বুলি দাবী কৰে। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক “মোতকৈ ভালকৈ কোনেও নাজানে” বুলিও দাবী কৰে অখিলে ।

২০১২চনত অৰবিন্দ কেজৰিৱালে গঠন কৰে আমি আদমী পাৰ্টী। অখিল গগৈয়ে অৰবিন্দ এই পদক্ষেপৰ তীব্ৰ সমালোচনা কৰি সংগ এৰে। দুয়ো নিজা-নিজা পথ লয় । ২০১৩চনত আপ আদমী পাৰ্টীয়ে দিল্লী দখল কৰে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী শিলা দীক্ষিত অৰবিন্দ কেজৰীৱালৰ হাতত পৰাজিত হয়। কিন্তু কংগ্ৰেছৰ সমৰ্থনত গঠিত চৰকাৰখন গাদীচ্যুত হয় কিছুদিনৰ পিছতে। কিন্তু ২০১৫ আৰু ২০২০ চনত ৰাইজৰ বিপুল সমৰ্থনৰে ৰাজধানী দখল কৰিলে অৰবিন্দ কেজৰীৱালৰ আম আদমী পাৰ্টীয়ে। প্ৰৱল প্ৰতাপী ভাৰতীয় জনতা পাৰ্টীয়েও বলে নোৱাৰিলে আম আদমী পাৰ্টীক। পূৰ্বে কাহানিও নিৰ্বাচনী ৰাজনীতিৰ অভিজ্ঞতা নথকা সাধাৰণ মানুহৰে গঠিত দলটোৱে দিল্লীত ভাল ফলাফল দেখুৱালেও কিন্তু ৰাজধানীৰ বাহিৰত সফল হ’ব পৰা নাছিল। কিন্তু এইবাৰ পোন প্ৰথমবাৰৰ কাৰণে পঞ্জাৱত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰি সমগ্ৰ দেশত পুনৰ চৰ্চাৰ কেন্দ্র বিন্দু হৈ পৰিল অৰবিন্দ কেজৰিৱাল।

ইফালে অখিল গগৈয়ে আম আদমী পাৰ্টীৰ পৰা দূৰত্ব বজাই ৰাখিলে। ৰাজনৈতিক দল গঠন কৰিম বুলিয়েই বহু বছৰ পাৰ কৰি দিলে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ যাওঁতে আৰক্ষীয়ে এবছৰ কাল জেলত ৰাখিলে। অৰবিন্দ কেজৰিৱালেও আইনখনৰ বিৰোধিতা কৰিলে কিন্তু আন্দোলনৰ পথ বাচি নলে’ল। অখিলৰ পক্ষতো মন্তব্য কৰাৰ পৰা বিৰত থাকিল তেওঁ । ২০২১চনত জেলৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ শিৱসাগৰৰ পৰা জয়ী হ’ল গগৈ ।
ৰাইজৰ গ্রহণযোগ্যতাৰ শীৰ্ষত থাকোঁতেই অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী ৰাজনীতিত এটা নতুন দল খুলি আত্মপ্ৰকাশ কৰিলে। অখিল গগৈয়ে পথৰ আন্দোলনৰ নেতৃত্ব দি “Pressure Group” হিচাপে থকাত মনোনিবেশ কৰিলে। কিন্তু নিৰ্বাচনী ৰাজনীতিৰ আঁতৰি থাকিল। অৱশ্যে পৰিৱেশ পৰিস্থিতিত পৰি এইবাৰ তেওঁ বিধায়ক এজন হ’লগৈ । ৰাইজৰ দল নামেৰে দল এটাও খুলিলে। কিন্তু ইতিমধ্যে বহু পলম হৈ গৈছে ! সময় কাৰো কাৰণে ৰৈ নাথাকে; নাথাকে ৰাজনীতি ।

Post a Comment

Previous Post Next Post