কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাই, কেইদিনমান পিছত জিলা পৰ্যায়ৰ সৰু দললৈ ৰূপান্তৰিত হ’ব’ – হিমন্ত বিশ্ব শৰ্মা



 জাতি, ধৰ্ম পাহৰি ৰাইজে এতিয়া উন্নয়নৰ ইছ্যুত ভোট দিবলৈ লৈছে। ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলে তাকেই প্ৰমাণ কৰিছে। নৰেন্দ্ৰ মোদীৰ বিকাশৰ ৰাজনীতিক দেশবাসীয়ে আদৰি লৈছে। এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।


মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাই। পিছলৈ এটা জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব কংগ্ৰেছ। বিৰোধী একত্ৰিত হ'লেও বিজেপিৰ ওচৰ চাপিব নোৱাৰে।

উপ–নিৰ্বাচনৰ ফলাফলৰ বাবে মাজুলীবাসী ৰাইজক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই। পৌৰসভাৰ ফলাফলৰ বাবেও জনালে ধন্যবাদ।

ইফালে, ‘আপ’ৰ বিজয়ক লৈ অসমত হোৱা চৰ্চাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, ক'ৰবাত বৰষুণ হ'লে ইয়াত ছাতি লোৱা লোক ওলায়েই। আমি ছাতি লোৱাৰ সুবিধা নিদিওঁ। যিমানে বিৰোধীয়ে আন্দোলন কৰিব বিজেপিক ৰাইজে সিমানে আঁকোৱালি ল'ব। পৰিয়ালবাদ, জাতিবাদী দলক দেশৰ ৰাইজে নাকচ কৰিছে।

Post a Comment

Previous Post Next Post