ৰুগীয়া পিতৃলৈ ঔষধ আনিবলৈ বুলি ওলাই গৈছিল দুই যুৱক। কিন্তু মৃত্যুৱে যেন মাতিহে নিছিল। দুয়ো যুৱককে মহতিয়াই নিয়ে এখন বাহনে।
বোকাখাতৰ বৰচাপৰিত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় দুই বাইক আৰোহীক।
বোকাখাত লখৌজানৰ ১৮-১৯বৰ্ষীয় কৰণ আৰু কিৰণ নামৰ দুই যুৱকক মহতিয়ালে বাহনে । দুয়োৰে অৱস্থা সংকটজনক।
আহত যুৱকদ্বয়ে গ্লেমাৰ বাইকেৰে গৈ থাকোতে দুৰ্ঘটনাটো সংঘটিত হয়। বাইকখনৰ নম্বৰ AS05H2996.
স্থানীয় লোকে ততাতৈয়াকৈ দুৰ্ঘটনা সম্পৰ্কে বোকাখাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ দুয়ো যুৱককে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে বোকাখাত স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ অনুসন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।