আচৰিত! মানৱৰ জীভাত গজিল চুলি

 


এক অতিকে আচৰিত ঘটনা, মানৱৰ জীভাত গজিল চুলি। ক’লা চুলি দেখিবলৈ পোৱা গৈছে মানৱ শৰীৰত। যি ঘটনাই কৌতুহলৰ সৃষ্টি কৰিছে।

আমেৰিকাৰ এগৰাকী ব্যক্তিৰ জীভাত এই আচৰিত ঘটনা দেখিবলৈ পোৱা গৈছে। লাহে লাহে ক’লা পৰি গৈ আছে ব্যক্তিগৰাকীৰ জীভা। কিন্তু কোনো অন্য বিষ বা অনুভৱ নাই সেই জিভাত।

একেবাৰে সাধাৰণ তথা সামান্য অনুভৱ জীভাত। ৫০ বৰ্ষীয়ান লোক এগৰাকীৰ এই আচৰিত ঘটনাই চিকিৎসকো আচৰিত কৰি তুলিছে। ক’লা চুলিৰ মাজে মাজে হালধীয়া প্ৰভাৱো দেখা গৈছে।

চিকিৎসকে এই আচৰিত ঘটনাৰ ওপৰত ৰিচাৰ্ছ কৰি প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে। জীভাৰ ওপৰত এক ক’লা তৰপ হৈ গৈছে, যাৰ ওচৰত সৰু সৰু চুলিও গজি উঠিছে।

চিকিৎসকে সদৰি কৰা অনুসৰি, ই এক প্ৰকাৰৰ ৰোগ। ব্লেক হেয়াৰী টাংগ চিণ্ড্ৰম ( Black Hairy Tongue Syndrome).

এই ৰোগ আৰম্ভ হোৱাৰ তিনি মাহ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈছিল লোকগৰাকী। তাৰ পাছৰে পৰা শাৰিৰীকভাৱে দূৰ্বল হৈ পৰিছিল। লগতে খাদ্যাভ্যাস চিকিৎসৰ পৰামৰ্শ অনুসৰি জুলীয়া পদাৰ্থ আদিহে গ্ৰহণ কৰি আছিল।

সেয়ে চিকিৎসৰ দলে এই ৰোগ বিধ তেনে এক খাদ্যাভ্যাসৰ বাবে হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

লগতে ইয়াকো জানিব পৰা গৈছে যে, এই ৰোগৰ পৰা ব্যক্তি গৰাকীৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই। সকলো সামান্য স্থিতিতেই আছে। জীভাৰ মৃতকোষ সমূহ তেনেদৰে উঠি অহা বুলি ব্যক্ত কৰিছে চিকিৎসকৰ দলে।



Post a Comment

Previous Post Next Post