মূল্যবৃদ্ধিৰ মাধমাৰ- সাধাৰণ ব্ৰেড এটুকুৰাৰে মূল্য ১৫০ টকা, জলকীয়া ৭০০ টকা কেজি


বেয়াকৈ মূল্যবৃদ্ধিৰ মাধমাৰ পৰিছে শ্ৰীলংকাৰ সাধাৰণ জনতাৰ ওপৰত। অৰ্থনৈতিক বিধ্বস্ত হৈ পৰিছে দেশখনত। চীনৰ ধাৰৰ জালত পোত গৈ আছে শ্ৰীলংকা। প্ৰতিদিনেই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈ আছে দেশখনৰ নাগৰিক সকল।

ভাৰতৰ দক্ষিণাঞ্চলত থকা ক্ষুদ্ৰ দেশখনে বৰ্তমানে ভয়ংকৰ খাদ্য সংকটত পৰিছে। বিদেশী মুদ্ৰাৰ ভাণ্ডাৰো প্ৰায় খালী হৈ পৰিছে।

বৰ্তমানে দেশখনত চলি থকা মূল্য অনুসৰি, এটুকুৰা সৰু ব্ৰেডৰ মূল্য ১৫০ টকা (শ্ৰীলংকাৰ মূল্য) (০.৭৫ ডলাৰ), আলু প্ৰতিকেজি ২০০ টকা, জলকীয়া প্ৰতিকেজি ৭১০ টকা। তাৰোপৰি বেঙেনাত পূৰ্বৰ মূল্যতকৈ ৫১ শতাংশ বৃদ্ধি পাইছে, পিয়াজত ৪০ শতাংশ মূল্য বৃদ্ধি।

২.১৯ কোটিৰ জনবসতিৰ ক্ষুদ্ৰ দেশখনত বৰ্তমানে ৫ লাখ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত। কৰ’ণা মহামাৰীৰ পাছৰে পৰা দেশখনত ভয়ংকৰ অৰ্থনৈতিক সংকটে দেখা দিছে।

যি সকল লোকক পূৰ্বে দেশখনত অৰ্থসম্পন্ন লোক বুলি ধৰা হৈছিল, সেই সকল লোকৰ অৱস্থা বৰ্তমানে ইমানেই বেয়াৰ ফালে ঢাল খাইছে যে, দুজন লোকৰ দুবেলা দুসাঁজ যোগাৰ কৰাও কঠিন হৈ পৰিছে।

Post a Comment

Previous Post Next Post