ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ইউক্ৰেইনৰ সেনা বাহিনীত যোগদান এইজন ভাৰতীয় যুৱকৰ


ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ মাজতে তামিলনাডুৰ কৈম্বোটুৰ জিলাৰ ছাইনিকেশ ৰবিচন্দ্ৰ নামৰ এজন ২১ বছৰীয়া যুৱকে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কাৰণে ইউক্ৰেইনৰ সেনা বাহিনীত যোগদান কৰিছে।

ভাৰতীয়  যুৱকজনে ৰাছিয়াৰ সেনা বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে ইউক্ৰেইন সেনা বাহিনীত যোগদান কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে ভাৰতৰ বিভাগীয় কৰ্তৃপক্ষই যুৱকজনৰ কেৰালাৰ ঘৰত উপস্থিত হৈ যুৱকজনৰ পৰিয়ালৰ লোকক সোধ-পোছ কৰে।

বিভাগীয় কৰ্তৃপক্ষৰ তদন্তত ইউক্ৰেইন সেনা বাহিনীত যোগদান কৰা যুৱকজনে পূৰ্বে ভাৰতীয় সেন বাহিনীত ভৰ্তি হোৱাৰ বাবে দুবাৰকৈ আবেদন কৰি বিফল হৈছিল বুলি জানিব পাৰে।

২০১৮ চনত ছাইনিকেশে ইউক্ৰেইনৰ খাৰকীভত অভিযান্ত্ৰিক বিষয়ত অধ্যয়ন কৰাৰ বাবে যায় আৰু ২০২২ চনৰ জুলাই মাহত ছাইনিকেশৰ অধ্যয়ন সমাপ্ত হোৱাৰ কথা আছিল কিন্তু ইয়াৰ মাজতে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰে।

যুদ্ধৰ মাজতে ছাইনিকেশৰ ভাৰতত থকা পৰিয়ালৰ লোকে ছাইনিকেশৰ সৈতে সংযোগ হেৰুৱাই আৰু ইয়াৰ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ইউক্ৰেইনত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰাত ছাইনিকেশৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে।

পৰিয়ালৰ লোকে ছাইনিকেশৰ সৈতে কথা পতাৰ পাছত ছাইনিকেশে ইউক্ৰেইন সেনা বাহিনীত যোগদান কৰা বুলি পৰিয়ালৰ লোকে জানিব পাৰে।

Post a Comment

Previous Post Next Post