ডিগবৈৰ শ্ৰীকৃষ্ণ চাহ বাগিছাত আজি দুটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
চাহ বাগিছাখনৰ এটা নলাত নাহৰফুটুকী বাঘ দুটাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
শ্ৰীকৃষ্ণ চাহ বাগিছাৰ পাত তোলা শ্ৰমিক সকলে প্ৰথমে মৃত বাঘ দুটা বাগিছাৰ ভিতৰত প্ৰত্যক্ষ কৰে আৰু বন বিভাগক খবৰ দিয়ে।
চাহ বাগিছাৰ শ্ৰমিকৰ পৰা বাঘ দুটাৰ মৃত্যু হোৱাৰ বিষয়ে জানিব পাৰিয়ে ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হয় বাঘ দুটাৰ মৃতদেহ উদ্ধাৰ কৰে।
এতিয়ালৈ প্ৰাপ্তবয়স্ক বাঘ দুটাৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও দুয়োটা বাঘৰ যুঁজৰ ফলতে বাঘ দুটাৰ মৃত্যু হয় বুলি ধাৰণা কৰা হৈছে।
উল্লেখযোগ্য যে, ডিবগৈৰ শ্ৰীকৃষ্ণ চাহ বাগিছাৰ অঞ্চলটোত বিগত কিছুদিন ধৰি বাঘৰ সন্ত্ৰাস চলি আছে।
Tags:
Assam