আৰক্ষীৰ সফলতা- ৰাজ্যত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ। কোকৰাঝাৰ জিলাত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ ।
জিলাখনৰ মহামায়া সংৰক্ষিত বনাঞ্চল আৰু গুমা সংৰক্ষিত বনাঞ্চলৰ চাৰি নম্বৰ পাৰ্ট কালবাগানৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ।
উদ্ধাৰকৃত মাৰাণাস্ত্ৰখিনি প্ৰাক্তন এনডিএফবিৰ সংগঠনৰ বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ। এক সংবাদমেলৰ আয়োজন কৰি এই বিষয়ে জানিবলৈ দিয়ো কোকৰাঝাৰ আৰক্ষীয়ে।
এনডিএফবিৰ সংগঠনৰ কোনো প্ৰাক্তন সদস্যই মাৰনাস্ত্ৰখিনি আত্মসমৰ্পন কৰাৰ পূৰ্বে মাটিৰ তলত পুতি থোৱাৰ সন্দেহ ।
এক বিশেষ সূত্ৰ অনুসৰি চলিছিল এই অভিযান । অস্ত্ৰ উদ্ধাৰৰ পিছতে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল ।
সংবাদমেলত বিশেষ ডিজিপি ড° এল আৰ বিষ্ণই, জিলা আৰক্ষী অধীক্ষক প্ৰতীক থুবে, অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ , উপ আৰক্ষী অধীক্ষক পুনম পেগু ।
সংবাদমেলত সকলো তথ্য সদৰি কৰিলে ড° এল আৰ বিষ্ণইয়ে । আৰক্ষীয়ে উদ্ধাৰ কৰিলে দুটা ইজৰাইলত নিৰ্মিত ৰাইফল , চাৰিটা মেগজিন ,বহুসংখ্যক গ্ৰেণেড , ২২টা প্ৰেছাৰ বোমা , ২২ টা কেপ ।
অভিযানৰ নেৰ্তৃত্ব লৈছিল কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে । সংবাদমেলত আৰক্ষীয়ে এনে ধৰণৰ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰে।