ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১৩৯ ডলাৰ অতিক্ৰম কৰিছে। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছৰে পৰা ব্ৰেণ্ট ক্ৰুড ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে।
সোমবাৰে এটা সময়ৰ বাবে ইয়াৰ মূল্য প্ৰতি বেৰেলত ১৩৯ ডলাৰলৈ বৃ্দ্ধি পাইছিল। ২০০৮ চনৰ পিছত ইয়াৰ মূ্ল্যই সৰ্বোচ্চ স্তৰ চুইছে।
মঙলবাৰে ৰাতিপুৱা ইয়াৰ মূল্য প্ৰায় ১২৪ ডলাৰলৈ বৃদ্ধি পায়। এই বৃদ্ধিয়ে তেল বিপণন কোম্পানী আৰু বিশেষজ্ঞসকলৰ উদ্বেগ বৃদ্ধি কৰিছে কিয়নো ভাৰতত, ইয়াৰ প্ৰত্যক্ষ বোজা এতিয়া কোম্পানীবোৰৰ ওপৰত পৰিছে।
খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চলিত সপ্তাহত ইন্ধনৰ মূল্য প্ৰতি লিটাৰত ১৫ টকাৰ পৰা ২২ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
অভাৱনীয় হাৰত ইন্ধনৰ মূল্য বৃদ্ধিৰ সম্ভাৱনাই দেখা দিয়াত ৰাছিয়াই এতিয়া সতৰ্ক কৰি দিছে যে অনাগত দিনত অশোধিত তেলৰ মূল্য ৩০০ ডলাৰলৈ বৃদ্ধি পাব পাৰে।
উল্লেখ্য যে পশ্চিমীয়া দেশবোৰে ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ বাবে ৰাছিয়াৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
এই নিষেধাজ্ঞা অনুসৰি ৰাছিয়াৰ পৰা তেল আমদানি নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰিছে পশ্চিমীয়া দেশসমূহে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিংকেনে সোমবাৰে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় মিত্ৰশক্তিয়ে ৰাছিয়াৰ ওপৰত তেল আমদানি নিষেধাজ্ঞা আৰোপ কৰাৰ কথা বিবেচনা কৰি আছে।
ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ নোভাকে চৰকাৰী টিভিত দিয়া এক বিবৃতিত কয়, ‘এইটো সম্পূৰ্ণৰূপে স্পষ্ট যে ৰাছিয়াৰ তেল নিষিদ্ধ কৰাৰ সিদ্ধান্তই বিশ্ব বজাৰৰ বাবে ধ্বংসাত্মক ৰূপে পৰিগণিত হ’ব’।
তেওঁ লগতে কয়, ‘মূল্য বৃদ্ধিৰ পূৰ্বানুমান কৰা কঠিন, বহুত অধিক নহ’লেও ইয়াৰ মূল্য কমেও ৩০০ ডলাৰৰ ওপৰলৈ যাব’।
নোভাকে পুনৰ কয় যে ইউৰোপে ৰাছিয়াৰ পৰা যিমান পৰিমাণৰ তেল লয় তাৰ ক্ষতিপূৰণ কৰিবলৈ এবছৰতকৈও অধিক সময় লাগিব আৰু ইয়াৰ বাবে অতি উচ্চ মূল্য পৰিশোধ কৰিব লাগিব।
ৰয়টাৰ্ছৰ এক প্ৰতিবেদনত কোৱা হৈছে যে পশ্চিমীয়া দেশসমূহে যদি ৰাছিয়াৰ তেলত নিষধাজ্ঞা আৰোপ কৰে তেন্তে তেওঁলোকৰ বাবে খাৰুৱা তেলৰ মূল্য ৩০০ ডলাৰলৈকে বৃদ্ধি পাব।