স্বামী-স্ত্ৰীৰ হাতত প্রাণ পাই উঠিছে কাঠেৰে নিৰ্মিত অসমীয়া আ-অলংকাৰ

 


স্বামী-স্ত্ৰীৰ হাতত প্রাণ পাই উঠিছে কাঠেৰে নিৰ্মিত অসমীয়া আ-অলংকাৰ। জামুগুৰিহাটৰ দুই দম্পতী ভাস্কৰ্য শিল্পীৰ হাতত প্রাণ পাই উঠিছে অসমীয়া আ-অলংকাৰে ৷

কাঠৰে অসমীয়া আ-অলংকাৰ নিৰ্মাণৰে জিলিকিছে হাটিঙাৰ দম্পতী ৰিণ্টু শইকীয়া আৰু নিৰ্মালী শইকীয়া ৷

কাঠৰে অসমীয়া থলুৱা সামগ্ৰী নিৰ্মাণ কৰি স্বাৱলম্বী হৈ উঠিছে দুয়ো স্বামী-স্ত্ৰী ৷ বিশেষকৈ অসমীয়া আ-অলংকাৰ তৈয়াৰ কৰি সেই সামগ্ৰী সমুহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ মুকলি কৰি দি সমাদৰ লাভ কৰিছে ভাস্কৰ্য শিল্পী দ্বয় ৰিন্টু আৰু নিৰ্মালীয়ে ৷

এই সন্ধৰ্ভত শিল্পী দুগৰাকীয়ে কয়- কাঠেৰে তৈয়াৰী অসমীয়া আ-অলংকাৰ সমুহে ৰাইজৰ সমাদৰ লাভ কৰিছে ৷ বিভিন্ন বজাৰত ইয়াৰ যথেষ্ট সন্মান আছে আৰু যথেষ্ট চাহিদাও লাভ কৰিছে ৷

ইতিমধ্য কাঠেৰে নিৰ্মিত এই সামগ্ৰী সমুহ শোণিতপুৰ, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ, বিশ্বনাথ চাৰিআলিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বিক্ৰীৰ বাবে পঠিওৱা হৈছে ৷


নিজৰ বাসভৱনতে এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলি শিল্পী দম্পতীয়ে এই সামগ্ৰী নিৰ্মাণৰ বাৱে অঞ্চলটোৰ ভালেকেইগৰাকী যুৱক-যুৱতী মহিলাক প্ৰশিক্ষনৰো ব্যৱস্থা কৰিছে ৷

এই সামগ্ৰী সমুহ নিৰ্মাণৰ বাৱে বহুটো আধুনিক যন্ত্ৰ-পাতি লাগে যদিও ধনৰ অভাৱতে সামগ্ৰী সমুহ ক্ৰয় কৰাত অসুবিধাৰ সন্মুখীন হৈছো বুলি উল্লেখ কৰে স্বামী, স্ত্ৰী শিল্পী দুগৰাকীয়ে ৷

এই ক্ষেত্ৰত চৰকাৰে অধিক সুবিধা প্ৰদান কৰিলে এই ক্ষুদ্ৰ উদ্যোগ সমুহৰ জৰিয়তে যথেষ্ট নিবনুৱাৰ সংস্থাপন হোৱাৰ লগতে আৰ্থিক ভাৱেও স্বাৱলম্বী হব বুলিও মন্তৱ্য কৰে ভাস্কৰ্য শিল্পী ৰিন্টু শইকীয়া আৰু নিৰ্মালী শইকীয়াই ৷

কঠোৰ সাধনাত ব্যস্ত দুই ভাস্কৰ্য শিল্পী ৰিন্টু শইকীয়া আৰু নিৰ্মালী শইকীয়াক শিল্পী সাহাৰ্য্য প্ৰদান কৰাৰ বাবে চৰকাৰক দাৱী তুলিছে সচেতন মহলে ৷


Post a Comment

Previous Post Next Post