ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে উত্তৰ কোৰিয়াই কৰিছে ইটোৰ পিছত সিটো পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা

 


কমাৰ্চিয়েল উপগ্ৰহৰ পৰা লাভ কৰা ছবিৰ পৰা এটা কথা স্পষ্ট হৈছে যে চাৰি বছৰৰো অধিক সময় বন্ধ হৈ থকা উত্তৰ কোৰিয়া (North Korea)ৰ পাৰমাণবিক পৰীক্ষণ (Nuclear Test) ক্ষেত্ৰ এটাত পুনৰ গতিবিধি আৰম্ভ হৈছে। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প (Donald Trump)ৰ সৈতে হোৱা শিখৰ সন্মিলনৰ আগে আগে এই পাৰমাণবিক পৰীক্ষণ (Nuclear Test) ক্ষেত্ৰটো বন্ধ কৰাৰ ঘোষণা কৰিছিল। আনকি কেন্দ্ৰটোৰ সুৰংগসমূহ ধ্বংস কৰাৰ দৃশ্য চাবলৈ বিদেশৰ সাংবাদিককো আমন্ত্ৰণ কৰিছিল।


বিশেষজ্ঞৰ মতে এই কেন্দ্ৰটোত নিউক্লিয়াৰ বিস্ফোৰণ ঘটাব পৰাকৈ সাজু কৰি তুলিবলৈ কিমান সময় লাগিব সেয়া সঠিককৈ কোৱাটো কঠিন। দেশখনৰ পূব প্ৰান্তত থকা পুংগি-ৰি এলেকাত থকা এই কেন্দ্ৰটোত ২০১৭ চনত ষষ্ঠটো আৰু অন্তিমটো পৰমাণু বিস্ফোৰণ কৰিছিল উত্তৰ কোৰিয়াই।

কেৱল ২০২২ ৯টা পৰমাণু পৰীক্ষণ

ট্ৰাম্প আৰু কিম জঙৰ মাজত দ্বিতীয়খন বৈঠক বিফল হোৱাৰ পিছত ২০১৯ চনৰ ফেব্ৰুৱাৰীৰ পৰা এই পৰমাণু পৰীক্ষণ কেন্দ্ৰটোত কাম কাজ আৰম্ভ হৈছিল। ইয়াৰ মাজতে উত্তৰ কোৰিয়াই নিজৰ সৈন্য বল বৃদ্ধি কৰিছে। কেৱল ২০২২তে দেশখনে ৯টা পৰ্যায়ত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা কৰিছে।

Post a Comment

Previous Post Next Post