১৯ বছৰৰ পাছত ক্ৰিকেটাৰৰ ওপৰত গুৰুতৰ অভিযোগ মন্দিৰা বেদীৰ

 


প্ৰায় দুটা দশক পূৰ্বে সংঘটিত হোৱা এক ঘটনাৰ বিষয়ে সদৰি কৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এগৰাকী ক্ৰিকেট এংকৰ তথা বলীউডৰ অভিনেত্ৰী মন্দিৰা বেদীয়ে । ১৯ পূৰ্বে মন্দিৰা বেদীৰ সৈতে সংঘটিত হৈছিল এক ঘটনা।

ক্ৰিকেটৰ জগতৰ ওপৰত এক অভিযোগ উত্থাপন কৰিছে মন্দিৰা বেদীয়ে। যাৰ পাছতে দেশৰ সংবাদ মাধ্যমৰ লগতে ক্ৰিকেট জগততো তোলপাৰ সৃষ্টি হৈছে। ২০০৩ চনৰ এক ঘটনা।

এক সাক্ষাৎকাৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখিন হৈছিল এংকৰ হিচাপে কাম কৰা মন্দিৰা বেদী। ২০০৩ চনৰ বিশ্বকাপত এংকৰ হিচাপে আছিল মন্দিৰা, ক্ৰিকেটৰ পথাৰত গ্লেমাৰ আনিছিল তেখেতে।

কিন্তু সেই সময়ত ক্ৰিকেটাৰ সকলৰ সাক্ষাৎকাৰ বা কোনো প্ৰশ্ন সোধ পোচ কৰাৰ সময়ত বেয়া ব্যৱহাৰৰ সন্মুখিন হৈছিল মন্দিৰা বেদী। মহিলা হিচাপে গুৰুত্ব দিব বিচৰা নাছিল ক্ৰিকেটাৰ সকলে।

মন্দিৰাৰ কথাক গুৰুত্ব দিয়া নাছিল কিছুমান খেলুৱৈয়ে। আনকি বেয়া চকুৰেও চাইছিল। যাৰ বাবে ভয়ো খাইছিল মন্দিৰাই। পাছে যি চেনেলৰ হৈ এংকৰ হিচাপে কাম কৰি আছিল, সেই চেনেলে এই ক্ষেত্ৰত বহু সাহস দিছিল ।

মানসিক ভাৱে আগবঢ়াত সহায় কৰিছিল সেই চেনেলৰ লোক সকলে। ১৫০ৰ পৰা ২০০ মহিলাৰ ভিতৰত মন্দিৰাক নিৰ্বাচন কৰিছিল এংকৰিঙৰ বাবে। যাৰ পাছতে আৰু পিছুৱাই অহা নাছিল মন্দিৰা। তাৰ পাছতে ২০০৩ৰ লগতে ২০০৭ৰো বিশ্বকাপত এংকৰ হিচাপে আছিল মন্দিৰা বেদী ।

তাৰোপৰি ২০০৪ চন আৰু ২০০৬ চনৰ চেম্পিয়ন ট্ৰফি আৰু আই পি এলৰ দ্বিতীয়টো সংস্কৰণতো এংকৰ হিচাপে আছিল মন্দিৰা বেদী।

Post a Comment

Previous Post Next Post