দীৰ্ঘসময়ৰ অন্তত বৃহস্পতিবাৰে ক’ভিড শূন্য অসম, ৰাজ্যত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২৮ জনলৈ হ্ৰাস

 


দীৰ্ঘদিনৰ বিৰতিৰ অন্তত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰৰ দিনটোত অসমত এজনো ক’ভিড আক্ৰান্ত লোক ধৰা নপৰে।

বৃহস্পতিবাৰে ৰাজ্যত সম্পন্ন হোৱা ১৭১৩ টা ক’ভিড পৰীক্ষাত এজনো লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা নপৰে।

ইপিনে, বৃহস্পতিবাৰে ৰাজ্যত ১৩ জন ক’ভিড আক্ৰান্ত সুস্থ হৈ উঠে। বৰ্তমান ৰাজ্যত ২৮ জন লোক ক’ভিড আক্ৰান্ত হৈ আছে।

ইপিনে, বৃহস্পতিবাৰে ৰাজ্যত এজনো লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা নপৰাৰ পাছতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ আৰু ৰাজ্যৰ স্বাস্থ্য কৰ্মী সকলৰ প্ৰচেষ্টাৰ ফলত ৰাজ্য ক’ভিড মুক্ত হোৱাৰ দিশলৈ আগবাঢ়িছে বুলি টুইট কৰে।

“মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য কৰ্মীৰ অসীম প্ৰচেষ্টা আৰু অসমৰ জনসাধাৰণৰ সহযোগিতাৰ বাবেই আমি ক’ভিডক প্ৰতিৰোধ কৰিবলৈ আগবাঢ়িছো। অসমত আজি প’জিটিভ কেছ শূন্য! ৰাজ্যৰ জনসাধাৰণক মাস্ক পৰিধান কৰি থাকিবলৈ আহ্বান জনাইছো,” স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এইদৰে টুইট কৰে।

Post a Comment

Previous Post Next Post