প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত দিল্লীত থকা ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্য্যালয়ৰ পৰা দলীয় কৰ্ম-কৰ্তা সকলক সম্বোধন কৰে।
এই সম্বোধনত নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ সম্পৰ্কতো মত প্ৰকাশ কৰে।
প্ৰধান মন্ত্ৰীয়ে চলি থকা যুদ্ধ সম্পৰ্কত মন্তব্য কৰি এই যুদ্ধই বিশ্বৰ সকলো দেশকে ক্ষতিগ্ৰস্ত কৰিব বুলি উল্লেখ কৰে।
“চলি থকা যুদ্ধই বিশ্বৰ সকলো দেশকে ক্ষতিগ্ৰস্ত কৰিব। ভাৰত সদায় শান্তিৰ পক্ষত আছে আৰু সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান হ’ব বুলি আশা কৰা হৈছে,” প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়।
ভাৰতৰ ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন ৰাষ্ট্ৰৰে প্ৰয়োজন আছে যাৰবাবে ভাৰতে এই যুদ্ধত কোনো দেশৰ পক্ষ গ্ৰহণ কৰিব নোৱাৰে বুলিও প্ৰধান মন্ত্ৰীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে।
“ভাৰতৰ অৰ্থনৈতিক, সুৰক্ষা জড়িত, শিক্ষা সম্পৰ্কীয় নিৰ্ভৰশীলতা ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশৰ সৈতে আছে,” প্ৰধান মন্ত্ৰীয়ে কয়।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰসংঘত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সম্পৰ্কত হোৱা ভোটগ্ৰহণত ভাৰতে ভোটদান কৰাৰ পৰা বিৰত আছিল।