১০০ শতাংশ দৰ্শকেৰে অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজৰ দ্বিতীয়খন টেষ্ট

 


ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্ট সম্পুৰ্ণ ১০০ শতাংশ দৰ্শকেৰে অনুষ্ঠিত হ’ব।

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দ্বিতীয়খন টেষ্ট বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

পিংক বল টেষ্টৰ পূৰ্বে কৰ্ণাটক ক্ৰিকেট এছ’চিয়েশ্যনে ১০০ শতাংশ দৰ্শকেৰে পিংক বল টেষ্ট খেলখন অনুষ্টিত কৰিব বুলি প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে, ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন টেষ্ট ৫০ শতাংশ দৰ্শকেৰে অনুষ্ঠিত হৈছিল।

শনিবাৰৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দ্বিতীয়খন টেষ্ট বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

ভাৰতে ইতিমধ্যে দুখন খেলৰ টেষ্ট শৃংখলাটোত ১-০ ব্যাৱধানত অগ্ৰগতি লাভ কৰি আছে।

প্ৰথমখন টেষ্টত ৰবীন্দ্ৰ জাডেজাই বেটিং, বলিঙেৰে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি মেন অফ দ্যা মেচৰ সন্মান লাভ কৰিছিল।

Post a Comment

Previous Post Next Post