পশ্চিমীয়া দেশৰ প্ৰতিবন্ধকতাৰ বাবে বিশ্বজুৰি বৃদ্ধি পাব খাদ্য সামগ্ৰীৰ মূল্য : পুটিন

 


ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজত পশ্চিমীয়া দেশ সমূহে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছত বিশ্বজুৰি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাব বুলি মন্তব্য কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে।

পুটিনে ৰাছিয়া আৰু বেলাৰুছ বিশ্বৰ বৃহৎ সাৰ যোগানকাৰী দেশ হিচাপে উল্লেখ কৰি যদিহে পশ্চিমীয়া দেশ সমূহে ধাৰাবাহিকভাৱে ৰাছিয়াৰ সামগ্ৰী সমূহ ৰপ্তানি কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে তেন্তে ইয়াৰ ফলত বিশ্বত খাদ্য সামগ্ৰীৰ মূল্য হ’ব বুলি কয়।

উল্লেখযোগ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধই দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰিছে। দ্বিতীয় সপ্তাহৰ যুদ্ধত দুয়োখন দেশৰে বিস্তৰ ক্ষতি-সাধন হৈছে যদিও ইউক্ৰেইনৰ চহৰ সমূহ বিধ্বস্ত হৈ পৰিছে।

ইতিমধ্যে ৰাছিয়াৰ এটা বিশাল সামৰিক কনভয় ৰাছিয়াৰ ৰাজধানী কীয়েভৰ ওচৰত উপস্থিত হৈছে হয়টো আৰু কিছু দিনৰ ভিতৰতে ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ ৰাজধানী কীয়েভ সম্পুৰ্ণৰূপে দখল কৰি ল’ব।

Post a Comment

Previous Post Next Post