উত্তৰ প্ৰদেশ সহ ৪ ৰাজ্যত বিজেপিৰ প্ৰত্যাৱৰ্তনৰ বাবে কংগ্ৰেছকে দুষিলে তৃণমূল কংগ্ৰেছে (TMC)। লগতে দলটোৰ দাবী, মাত্ৰ তিনি মাহৰ চেষ্টাত গোৱাত যি ফলাফল পাইছে সেয়া সন্তোষজনক। কংগ্ৰেছক উদ্দেশ্যি তৃণমূল নেতা কুণাল ঘোষৰ পৰামৰ্শ, এবাৰ কংগ্ৰেছে আইনাত মুখ চোৱা উচিত।
৫ ৰাজ্যৰ ভিতৰত পঞ্জাবক বাদ দি বাকীকেইখন ৰাজ্যত বিজেপিয়ে ক্ষমতালৈ অহাটো নিশ্চিত। ২০১৭ৰ তুলনাত আসন কমিলেও উত্তৰ প্ৰদেশত পুনৰ ক্ষমতালৈ আহিব যোগী আদিত্যনাথ। কুণাল ঘোষৰ দাবী, পশ্চিম বংগত তৃণমূলে যি কৰি দেখুৱাইছে সেয়া চেষ্টা কৰিও কৰিব পৰা নাই অখিলেশ যাদৱে। কুণাল ঘোষে কয়, ‘বংগতো একেধৰণে চল–চাতুৰি, ক্ষমতাৰ বলত দখলৰ চেষ্টা কৰিছিল বিজেপিয়ে। বংগই যি কৰিছে, আনে চেষ্টা কৰিও সেয়া কৰিব পৰা নাই। বিজেপিৰ চকুত চকু থৈ হৰুৱাব পৰা ক্ষমতা তৃণমূলৰে আছে।’
পঞ্জাবৰ ফলাফলক লৈ কুণাল ঘোষে কয়, তাত বিজেপি, কংগ্ৰেছ দুই দলকে মানুহে প্ৰত্যাখ্যান কৰিছে।বিকল্প শক্তি নথকাত তাত মানুহে আপক বাচি লৈছে বুলি দাবী কৰিছে তৃণমূল নেতাগৰাকীয়ে।