‘জনগণৰ ৰায় মানি লওক’ – পাঁচ ৰাজ্যৰ ফলাফল স্পষ্ট হোৱাৰ সময়তে দলীয় কৰ্মীক বাৰ্তা ৰাহুল গান্ধীৰ

 


উত্তৰ প্ৰদেশত গেৰুৱা ঢৌ, পঞ্জাব দখলৰ বাহিৰত, উত্তৰাখণ্ডত শক্তি বৃদ্ধি কৰিও আগুৱাব নোৱাৰিলে, গোৱা–মণিপুৰতো বিজেপিৰ দখল নিৰ্বাচনৰ ফলাফলত। কংগ্ৰেছক যে মানুহে একপ্ৰকাৰ প্ৰত্যাখ্যান কৰিবলৈ আৰম্ভ কৰিছে সেয়া স্পষ্ট হয় আজিৰ ফলাফলৰ ট্ৰেণ্ডত। এই পৰিস্থিতিত দলীয় কৰ্মীৰ মনোবল যাতে ভাঙি নাযায়, লগতে পৰাজয়ৰ ক্ষোভ কোনোপধ্যে যাতে অশান্তিৰ কাৰণ নহয় তালৈ নজৰ দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এক টুইট কৰি দলীয় কৰ্মীসকলক উদ্দেশ্যি বাৰ্তা প্ৰেৰণ কৰিছে ৰাহুল গান্ধীয়ে।


টুইটত ৰাহুল গান্ধীয়ে লিখিছে, ‘‘জনগণৰ ৰায় বিনীতভাৱে মানি লওক। যিসকল বিজয়ী হৈছে, তেওঁলোকলৈ শুভকামনা। সকলো কংগ্ৰেছ কৰ্মী আৰু স্বেচ্ছাসেৱকক নিৰ্বাচনত কঠোৰ পৰিশ্ৰম কৰাৰ বাবে কৃতজ্ঞতা জনাইছো। আমি ইয়াৰ পৰা শিক্ষা লৈ ভাৰতৰ জনগণৰ স্বাৰ্থত কাম কৰি যাম।’’
উত্তৰ প্ৰদেশত একপ্ৰকাৰ নাও ডুবিছে কংগ্ৰেছৰ। আনকি নিজৰ দুৰ্গ ৰায়বৰেলিতো পৰাজয়ৰ দিশত কংগ্ৰেছ প্ৰাৰ্থী। এইবাৰ এই কেন্দ্ৰত তিনিকোণীয়া যুঁজ চলিছে। কংগ্ৰেছৰ লগতে প্ৰাৰ্থী দিছে সমাজবাদী পাৰ্টীয়েও। বিজেপি, সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছ। তিনি ৰাজনৈতিক দলৰ যুঁজ হৈছে সমষ্টিটোত।




Post a Comment

Previous Post Next Post