৫ ৰাজ্যৰ নিৰ্বাচনত ৰণত পৰিল এই ৫ বাঘা বাঘা নেতা

 


৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলত ঘটিল কেইবাটাও বৃহত অঘটন। পঞ্জাবত শাসকীয় কংগ্ৰেছ দলক ধুলিসাত কৰি আম আদমী পাৰ্টীৰ চমক্প্ৰদ উত্থানৰ লগতে ৰাজ্যখনত পৰাজিত হ'ল কেইবাগৰাকী বাঘা বাঘা নেতা। কেৱল পঞ্জাৱতেই নহয় উত্তৰপ্ৰদেশ উত্তৰাখণ্ডতো কেইবাগৰাকী শীৰ্ষ নেতাৰ পতন ঘটিল এই এইবাৰৰ নিৰ্বাচনত । চাওঁ আহক কোন কোন ৰণত পৰিল।


অমৰিন্দৰ সিং

পঞ্জাৱ (PUNJAB)ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং এইবাৰ  নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত  হ'ল। পাটিয়ালা (PATIALA) সমষ্টিত পৰাজিত হ'ল আম আদমী পাৰ্টী (AAP)ৰ প্ৰাৰ্থী অজিত পাল সিং কোহলি (Ajit Pal Singh Kohli)ৰ হাতত। অমৰিন্দৰ সিং ২০০২ ৰপৰা ২০০৭লৈ আৰু পিছত ২০১৭ৰ পৰা ২০১৯লৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী আছিল। কিন্তু  নেতৃত্ব কেন্দ্ৰীক সংঘাতৰ পিছতে কংগ্ৰেছ (CONGRESS) দল ত্যাগ কৰি নতুন দল গঠন কৰি নিৰ্বাচনত নামিছিল অমৰিন্দৰ সিং।

হৰিষ ৰাৱট (Harish Rawat)

উত্তৰাখণ্ড (Uttarakhand)ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিষ ৰাৱটো নিৰ্বাচনত পৰাস্ত। বিজেপি (BJP)ৰ মোহন সিং বিষ্ট (Dr Mohan Singh Bisht)ৰ হাতত পৰাজিত হয় প্ৰক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী হৰিষ ৰাৱট। UPA চৰকাৰ (UPA government)ত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হোৱাৰ পিছত ২০১৪ৰ পৰা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হৈছিল হৰিষ ৰাৱট।

নৱজোত সিং সিদ্ধু (NAVJOT SINGH SIDHU)

প্ৰাক্তন ক্ৰিকেটাৰ, কমেডিয়ান তথা পঞ্জাব কংগ্ৰেছৰ সভাপতি নৱজোত সিং পৰাস্ত হৈছে অমৃতসৰ পূৱ (AMRITSAR EAST) সমষ্টিৰ পৰা। পঞ্জাব চৰকাত সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী আছিল নৱজোত সিং সিদ্ধু।

সুখবীৰ সিং বাদল (SUKHBIR SINGH BADAL, SAD)

শিৰোমণি আকালি দল  (SHIROMANI AKALI DAL)ৰ নেতা সুখবীৰ সিং বাদলো পৰাস্ত হৈছে নিৰ্বাচনত। জালালাবাদ (JALALABAD) সমষ্টিত  AAPৰ প্ৰাৰ্থী জগদ্বীপ ( Jagdeep Kamboj)ৰ হাতত পৰাস্ত হয় সুখবীৰ সিং বাদল । ২০০৯ৰ পৰা ২০১৭লৈ পঞ্জাৱৰ উপমুখ্যমন্ত্ৰী আছিল বাদল।

চৰণজিত সিং চন্নি (CHARANJIT SINGH CHANNI)

পঞ্জাৱ (Punjab)ৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ (CONGRESS)ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী চৰণজিত সিং চন্নিও পৰাস্ত হৈছে নিৰ্বাচনত। চামকৌৰ চাহিব (CHAMKAUR SAHIB) আৰু ভদৌৰ (BHADAUR ) দুয়োটা সমষ্টিতে পৰাস্ত হৈছে।  তিনিবাৰকৈ বিধায়ক হোৱা চন্নি অমৰিন্দৰ সিং (Captain Amarinder Singh ) চৰকাৰত মন্ত্ৰীও আছিল। তেওঁ পঞ্জাৱৰ প্ৰথমগৰাকী দলিত সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী আছিল


Post a Comment

Previous Post Next Post