মধ্য অসমত সক্ৰিয় আলফা স্বাধীন! কেইবাজনো সংগঠনটোত যোগদান কৰাৰ সন্দেহ। নগাঁও আৰু হোজাই জিলাৰ ৩ যুৱক আলফাত যোগদানৰ সন্দেহ।
হোজাই জিলাৰ যমুনামুখৰ পটিয়াপাম গাঁৱৰ তন্ময় বৰা(১৯) আলফা স্বাধীনত যোগদান। সংবাদ মাধ্যমত প্ৰচাৰিত ফটো চাই নিশ্চিত কৰিছে পৰিয়ালৰ লোকে।
ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তিনিও যুৱকৰ পৰিয়ালত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।
যমুনামুখৰ তন্ময় বৰাৰ পিতৃয়ে নিশ্চিত কৰিছে পুত্ৰ আলফা স্বাধীনত যোগদানৰ কথা। মাতৃৰ হিয়া উজাৰি কান্দোনত ভাগি পৰিছে।
অৱশ্যে এই সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই।
উল্লেখ্য যে,নগাঁও জিলাৰ কামপুৰ বনপালি গাঁৱৰ যুৱক দীপাংকৰ ওৰফে দিগন্ত গোৱালা(২৫) আৰু নতুন আদৰ্শ গাঁৱৰ সুভাষ হীৰা (২৫)আলফাত যোগদানৰ খবৰ পোৱা গৈছে।
উল্লেখযোগ্য যে এসপ্তাহৰ পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল তিনিও যুৱক। তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে তিনিও।
যুৱক তিনিজনৰ পৰিয়ালৰ লোকে আলাফা প্ৰধান পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ পুত্ৰক ঘৰলৈ ঘূৰাই আনিবৰ বাবে আহ্বান জনাইছে।
যুৱক তিনিজনৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।