আজি দেশ আৰু বিশ্বত সম্পূৰ্ণ উৎসাহেৰে হোলী উৎসৱ উদযাপন কৰা হৈছে। দেশৰ প্ৰতিখন চহৰতে ৰঙৰ এই উৎসৱৰ প্ৰস্তুতি দেখা গৈছিল। বৃহস্পতিবাৰে নিশা হোলিকা দহনৰ পিছত আজি ৰঙৰ খেলা হ'ব। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক হোলী শুভেচ্ছা জনাইছে। তেওঁ টুইট কৰে, "আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা। প্ৰেম, স্নেহ আৰু ভাতৃত্ববোধৰ এই উৎসৱে আপোনালোক সকলোৰে জীৱনত সুখৰ প্ৰতিটো ৰং কঢ়িয়াই আনক।"
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বৃহস্পতিবাৰে হোলীৰ প্ৰাকমুহূৰ্তত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে আৰু আশা প্ৰকাশ কৰে যে ৰঙৰ উৎসৱে সকলোৰে জীৱনত ইতিবাচক শক্তি প্ৰদান কৰিব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মনোভাৱো শক্তিশালী কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয়, "হোলীৰ পৱিত্ৰ ক্ষণ উপলক্ষে মই দেশ-বিদেশত বাস কৰা সকলো ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছো।"