যাত্ৰীবাহী বাছত ধাৰাসাৰ গুলীবৰ্ষণ বন্দুকধাৰীৰ, ১৯ জন লোকৰ মৃত্যু

 


আফ্ৰিকান দেশ নাইজেৰিয়াত বন্দুকধাৰীৰ এটা দলে এখন বাছত আক্ৰমণ চলাই কমেও ১৯ জন লোকক হত্যা কৰিছে। ঘটনাটো বুৰ্কিনা ফাছোৰ সীমান্তৰ ওচৰত সংঘটিত হৈছিল।

এই তথ্য বৃহস্পতিবাৰে পৰিবহন কোম্পানীৰ এছ’চিয়েশ্যনে জনায়।

সংস্থাটোৱে জনাই যে মটৰ চাইকেলেৰ অহা প্ৰায় এক ডজন বন্দুকধাৰীয়ে ফোনো গাঁৱৰ ওচৰত বাছখন ৰখাই ধাৰাসাৰ গুলীবৰ্ষণ কৰে।

এছ’চিয়েশ্যনে লগতে জনাই যে বন্দুকধাৰীৰ আক্ৰমণত কেইবাজনো যাত্ৰী আহত হোৱাৰ লগতে আৰু বহুতো সন্ধানহীন হৈ আছে।

বাছখন বুৰ্কিনা ফাছোৰ ৰাজধানী ঔগাডৌগৌৰৰ পৰা নাইজাৰৰ ৰাজধানী নিয়ামেলৈ গৈ আছিল।

উল্লেখ্য যে এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও অতীতত আল-কায়দা আৰু ইছলামিক ষ্টেটৰ সৈতে সম্পৰ্ক থকা বুৰ্কিনা ফাছোৰ সীমান্তৱৰ্তী টিলাবেৰী অঞ্চলত জিহাদী গোটবোৰে এইধৰণৰ আক্ৰমণ সংঘটিত কৰি আহিছে।

Post a Comment

Previous Post Next Post