কাশ্মীৰ ফাইলছৰ সংগীত প্ৰযোজক হিচাপে দায়িত্ব পালন কৰা অসম সন্তান গৰাকীৰ হৈছে তপনজ্যোতি দত্ত।
যুৱ প্ৰজন্মৰ প্ৰতিভাধাৰ সংগীত শিল্পী তপনজ্যোতি দত্তই কাশ্মীৰ ফাইলছৰ সংগীত প্ৰযোজকৰ দায়িত্ব অতি নিপুনভাৱে পালন কৰিছে।
যোৰহাটত জন্মগ্ৰহণ কৰা সংগীত শিল্পী তপনজ্যোতি দত্তই কাশ্মীৰ ফাইলছৰ উপৰিও ‘অনাৰকলি অফ আৰাহ’, ‘এন্দ্ৰেদাদোছ’ আদিৰ দৰে চলচ্চিত্ৰতো সংগীতৰ কাম কৰিছিল।
উল্লেখযোগ্য যে, কাশ্মীৰী পণ্ডিত সকলক লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰ কাশ্মীৰ ফাইলছে সমগ্ৰ দেশত ব্যাপক চৰ্চা লাভ কৰিছে।
বহুকেইখন ৰাজ্যত কাশ্মীৰ ফাইলছক কৰ মুক্ত চলচ্চিত্ৰ হিচাপে ঘোষণা কৰাৰ লগতে অসমত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাশ্মীৰ ফাইলছৰ উপভোগ কৰাৰ বাবে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে অৰ্ধ চুটি ঘোষণা কৰিছিল।
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰী, বিধায়ক সকলৰ সৈতে কাশ্মীৰ ফাইলছ চলচ্চিত্ৰখন উপভোগো কৰিছিল।