আন্তঃৰাষ্ট্ৰীয় মজিয়াত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান ভাৰতৰ

 


ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধকলৈ আন্তঃৰাষ্ট্ৰীয় মজিয়াত প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ বিপক্ষে ভোটদান কৰিছে ভাৰতে।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধকলৈ আন্তঃৰাষ্ট্ৰীয় আদালতত ভাৰতীয় ন্যায়াধীশ দলবীৰ ভাণ্ডাৰীয়ে ৰাছিয়াৰ বিপক্ষে ভোটদান কৰে।

আন্তঃৰাষ্ট্ৰীয় আদালতে ৰাছিয়াক শীঘ্ৰে ইউক্ৰেইন আক্ৰমণ বন্ধ কৰাৰ বাবেও আহ্বান জনায়।

আন্তঃৰাষ্ট্ৰীয় আদালতত মুঠ ১৩ গৰাকী ন্যায়াধীশে ৰাছিয়াৰ বিপক্ষে ভোটদান কৰাৰ বিপৰীতে দুজন ন্যায়াধীশে ৰাছিয়াৰ সপক্ষে ভোটদান কৰে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত আৰু নিৰাপত্তা পৰিষদৰ বৈঠকত ভাৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধকলৈ ভোটদান কৰাৰ পৰা বিৰত আছিল।

আন্তঃৰাষ্ট্ৰীয় আদালত হৈছে ৰাষ্ট্ৰসংঘৰ চূড়ান্ত ন্যায়পালিকা। ৰাষ্ট্ৰ সমূহৰ মাজত থকা মতানক্য সমাধান কৰা আৰু ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংগ সমূহক আইনী পৰামৰ্শ প্ৰদান কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় আদালতৰ মুখ্য কাৰ্য্য।

আন্তঃৰাষ্ট্ৰীয় আদালতত ৰাছিয়াৰ বিপক্ষে ভোটদান কৰা ভাৰতীয় ন্যায়াধীশ দলবীৰ ভাণ্ডাৰীয়ে ৰাজস্থানৰ যোধপুৰত জন্মগ্ৰহণ কৰিছিল।

ভাণ্ডাৰীয়ে ৰাজস্থান উচ্চ ন্যায়ালয়ত ১৯৬৮ চনৰ পৰা ১৯৭০ চনলৈ আইন চৰ্চা কৰিছিল আৰু পৰৱৰ্তী সময়ত এক আন্তঃৰাষ্ট্ৰীয় জলপানি লৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল।

ভাণ্ডাৰীয়ে ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপেও কাৰ্য্য নিৰ্বাহ কৰিছিল।

Post a Comment

Previous Post Next Post