আইপিএছ বিষয়াৰ বেগ খুলি হতবাক সুৰক্ষা কৰ্মী, কি আছিল বেগটোত?

 


ৰাজস্থানৰ জয়পুৰ বিমানবন্দৰত সুৰক্ষা কৰ্মীয়ে এগৰাকী আইপিএছ বিষয়াই লগত লৈ অহা বেগ পৰীক্ষা কৰি আচৰিত হৈ পৰে।

বিমানবন্দৰটোৰ দায়িত্বত থকা সুৰক্ষা কৰ্মীয়ে আইপিএছ বিষয়া অৰুণ বোথৰাক তেওঁ লগত লৈ অহা ব্যক্তিগত বেগটো খুলিবলৈ নিৰ্দেশ দিয়াৰ পাছতে বেগটোৰ পৰা বহুসংখ্যক মটৰ ওলাই পৰে।

পৰৱৰ্তী সময়ত আইপিএছ বিষয়া গৰাকীয়ে ঘটনাটো সম্পৰ্কে টুইট কৰে।

“জয়পুৰ বিমানবন্দৰত সুৰক্ষা কৰ্মীয়ে মোৰ হাতত লৈ অহা বেগটো খুলিবলৈ নিৰ্দেশ দিয়ে,” আইপিএছ বিষয়া গৰাকীয়ে এইদৰে লিখে।

অৰুণ বোথৰাই ওড়িশাৰ পৰিবহণ আয়ুক্ত হিচাপে দায়িত্ব পালন কৰি আছে।

আইপিএছ বিষয়া গৰাকীয়ে টুইটাৰত মটৰ ভৰ্তি বেগটোৰ ফটো শ্বেয়াৰ কৰাৰ পাছতে সামাজিক মাধ্যমত ই ৫০,০০০কৈয়ো অধিক লাইক লাভ কৰে।

বহুসংখ্যক লোকে আইপিএছ বিষয়া গৰাকীৰ পোষ্টটো শ্বেয়াৰো কৰে।


Post a Comment

Previous Post Next Post