পুত্ৰ আলফাত যোগ দিয়াৰ সন্দেহ, কান্দোনৰ ৰোল পৰিয়ালত


পুত্ৰ আলফাত যোগ দিয়াৰ সন্দেহ, কান্দোনৰ ৰোল পৰিয়ালত। তিনিচুকীয়াৰ মাকুমৰ এগৰাকী যুৱক আলফা স্বাধীনত যোগদানৰ সন্দেহ ব্যক্ত পৰিয়ালৰ ফালৰ পৰা।

ৰাজ্যত যুৱক-যুৱতীৰ আলফা স্বাধীনত যোগদান কৰা বাতৰিয়ে সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকাৰ মাজতে পুনৰ তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ এজন যুৱক আলফাত যোগদানৰ সন্দেহ ।

মাকুমৰ লাংকাছি শিমলুগুড়িচুক গাঁৱৰ নিবাসী অইল ইণ্ডিয়া লিমিটেডৰ ঠিকাভিত্তিক কৰ্মচাৰী পবিত্ৰ মৰাণৰ পুত্ৰ সুৰজ মৰাণ(২৩) আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে।

পৰিয়ালৰ ভাষ্য অনুসৰি যোৱা ইংৰাজী ১৬ মাৰ্চ তাৰিখে যুৱক জনে দেউতাকক কৰ্ম স্থানত এৰিবলৈ বুলি ওলাই যোৱাৰ পাছত আৰু ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে স্থানীয় লাংকাছি আৰক্ষী চকীত খবৰ দিছিল।

ইফালে যুৱক জনৰ মাতৃৰ লগতে পত্নী তথা পৰিয়ালবৰ্গই কান্দোনত ভাগি পৰাৰ লগতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ যুৱক জনক উভতাই পঠাবলৈ সংবাদমাধ্যমৰ আগত কাতৰ অনুৰোধ জনাইছে ।

Post a Comment

Previous Post Next Post