সঞ্জয় দত্তই পাৰভেজ মুছাৰফক সাক্ষাত কৰাৰ ফটো ভাইৰেল

 


২০১৬ত জম্মু-কাশ্মীৰৰ উৰীত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ সম্পৰ্ক আৰু অধিক তিক্ত হৈ পৰিছিল। তেতিয়াৰে পৰা ভাৰতত পাকিস্তানী শিল্পীৰ বিৰুদ্ধে একপ্ৰকাৰ নিষেধাজ্ঞা আৰোপ কৰা আছে। বলীউডেও এই নিষেধাজ্ঞা মানি চলিছে। দুই দেশৰ সম্পৰ্ক এতিয়াও উন্নত হোৱা নাই, এনে সময়তে বলীউডৰ অভিনেতা সঞ্জয় দত্তৰ ভাইৰেল (Sanjay Dutt Viral Pics) হোৱা এই ফটোখনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে।


ভাইৰেল হোৱা এই ফটোখনত সঞ্জয় দত্তই পাকিস্তানৰ প্ৰাক্তন ৰাষ্ঠ্ৰপতি জেনেৰেল পাৰভেজ মুছাৰফক সাক্ষাত কৰা দেখা গৈছে। কিন্তু এই সাক্ষাত কেতিয়া হৈছিল সেই কথা এতিয়ালৈকে নিশ্চিত কৰিৱ পৰা নাই। ফটোখনত মুছাৰফক হুইল শ্বেয়াৰত বহি থকা গৈছে আৰু সঞ্জয় দত্তই থিয় হৈ আছে। দুয়োজনে কিবা কথা পাতি থকা যেন লাগিছে। মিডিয়া ৰিপোৰ্ট মতে দুয়োজনে হঠাত লগ পাইছিল।

ইপিনে এই ফটো ভাইৰেল হোৱাৰ লগে লগে বহু লোক খঙত ফাটি পৰিছে। মুছাৰফেই হওক বা সঞ্জয় দত্তই হওক কোনো এজনে নিজৰ ছচিয়েল মিডিয়া একাউণ্টৰ পৰা এই ফটোখন শ্বেয়াৰ কৰা নাই। বহুতেই কৈছে এইখন অলপতে ডুবাইত তোলা ফটো।



Post a Comment

Previous Post Next Post