উচ্চতৰ মাধ্যমিক পৰীক্ষা, অন্যৰ হৈ পৰীক্ষা দিবলৈ আহি ধৰা পৰিল ৪ যুৱক

 


উচ্চতৰ মাধ্যমিক পৰীক্ষা, অন্যৰ হৈ পৰীক্ষা দিবলৈ আহি ধৰা পৰিল ৪ যুৱক। ১৮ বছৰীয়া পৰীক্ষাৰ্থীৰ সলনি পৰীক্ষা দিবলৈ আহিল ২৫-২৬ বছৰীয়া যুৱক।

বৰপেটা জিলাৰ কলগাছিয়াৰ পশ্চিম মইনবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ৪ জন ভূৱা পৰীক্ষাৰ্থী গ্ৰেপ্তাৰ।

ধৃত ভুৱা পৰীক্ষাৰ্থী সকল ক্ৰমে শওঁপুৰ গাঁৱৰ কাদেৰ আলী (২৫), আমগুৰি গাঁৱৰ দিলচান হুছেইন (২৩), মুৱামাৰী গাঁৱৰ আবুতালেব আহমেদ (২৬) মহিবুল ইছলাম (২৩) বুলি জানিব পৰা গৈছে।

ভুৱা পৰীক্ষাৰ্থী কেইজনে শইলমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এম আৰ ছুৰজিত দাস, ৰাজুৰাম ৰয়, নাছিৰুদ্দিন স্বেখ, ছানোৱাৰ হুছেইন আৰু এম আৰ দ্বীপক মালাকাৰৰ হৈ বদলি পৰীক্ষাত বহিছিল।

মইনবৰী উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা নিৰীক্ষকে ধৰা পেলাই ভুৱা ৪ জনকৈ পৰীক্ষাৰ্থী ।

ভুৱা পৰীক্ষাৰ্থী কেইজনক পৰীক্ষা নিৰীক্ষকে মইনবৰী আৰক্ষী চকীৰ আৰক্ষীক খবৰ দি গতাই দিয়ে।

জানিব পৰা মতে ইয়াৰে ভিতৰত এজন ভুৱা পৰীক্ষাৰ্থী পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Post a Comment

Previous Post Next Post