Petrol Diesel Prices Today: পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, জানক আপোনাৰ চহৰত আজি কিমান দাম পেট্ৰ’ল–ডিজেলৰ

বৃহস্পতিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম অপৰিৱৰ্তিত ৰাখিলে আইঅ’চিয়ে। বিগত ৩ মাহত পেট্ৰ’ল আৰু ডিজেলৰ দামৰ কোনো সালসলনি হোৱা নাই। আন্তৰ্জাতিক বজাৰত বৰ্তমান ক্ৰুড অইলৰ দাম বিগত ৭ বছৰৰ ভিতৰত উচ্চতম স্তৰত উপনীত হৈছে। ব্ৰেণ্ট ক্ৰুডৰ দাম ৯০ ডলাৰ প্ৰতি বেৰেলত হৈছে। অক্টোবৰ ২০১৪ৰ পিছত এয়া সৰ্বোচ্চ। অপৰিশোধিত তেলৰ দাম বৃদ্ধিৰ পিছতো দেশৰ বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম স্থিৰ হৈ আছে। ধাৰণা কৰা হৈছে যে সন্মুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন থকা বাবে তেলৰ দাম বৃদ্ধি কৰা হোৱা নাই।


দীপাৱলীৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইন্ধনৰ ওপৰত আবকাৰী শুল্ক ৰেহাই দিয়া হৈছিল। ইয়াৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত প্ৰায় ১০ৰ পৰা ১৭ টকা পৰ্যন্ত দাম কমিছিল তেলৰ। দীপাৱলীৰ পিছত এদিনো দাম বঢ়া নাই পেট্ৰ’ল–ডিজেলৰ।


কিন্তু এই সময়ছোৱাত আন্তৰ্জাতিক বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ দামৰ উত্থান–পতন অব্যাহত আছে। ক্ৰুড অইলৰ দাম ৬৯ৰ পৰা ৮৫ ডলাৰ প্ৰতি বেৰেল দামৰ ভিতৰত চলিছে। পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতিদিনে চৰকাৰী তেল কোম্পানীসমূহে নিৰ্ধাৰণ কৰে। আজি জাৰি কৰা দাম অনুসৰি, দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৫.৪১ টকা আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৮৬.৬৭ টকা।


দেশৰ বিভিন্ন চহৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম : দিল্লী – পেট্ৰ’ল ৯৫.৪১ টকা, ডিজেল ৮৬.৬৭ টকা., মুম্বাই – পেট্ৰ’ল ১০৯.৯৮ টকা, ডিজেল ৯৪.১৪ টকা, চেন্নাই – পেট্ৰ’ল ১০১.৪০ টকা, ডিজেল ৯১.৪৩ টকা, কলকাতা – পেট্ৰ’ল ১০৪.৬৭ টকা, ডিজেল ৮৯.৭৯ টকা, লক্ষ্ণৌ – পেট্ৰ’ল ৯৫.২৮ টকা, ডিজেল ৮৬.৮০ টকা, গুৱাহাটী – পেট্ৰ’ল ৯৫.২৭ টকা, ডিজেল ৮১.৮১ টকা।


দেশৰ তিনিটা অই মাৰ্কেটিং প্ৰতিষ্ঠান HPCL, BPCL আৰু IOCয়ে প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ দাম জাৰি কৰে।

Post a Comment

Previous Post Next Post