Budget 2022ক লৈ ছচিয়েল মিডিয়াত MEMEৰ জোৱাৰ, ক'লে নিজৰ নিজৰ অৱস্থাৰ কথা...!

আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট। বাজেট পঢ়ি থকাৰ সময়তে এইবাৰৰ বাজেটকলৈ ছচিয়েল মিডিয়াত মীমৰ জোৱাৰ উঠে।


এইবাৰ বাজেটকলৈ বহুপৰিমাণে আশাবাদী আছিল মধ্যবিত্ত লোকসকল। কোৰোণা মহামাৰীৰ পিছত সকলোৰে আৰ্থিক স্থিতি আগৰ দৰে মজবুত হৈ থকা নাই। গতিকে ভাবিছিল যে, চৰকাৰে আয়কৰ পৰিশোধৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত ল'ব। কিন্তু কাৰ্যত সেয়া হৈ নুঠিল। আৰু তাৰ পিছৰ পৰাই বাজেটৰ বিভিন্ন অংশক মীমৰ ৰূপ দি ছচিয়েল মিডিয়াত ভাইৰেল কৰিছে একাংশই।

বত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত ঘোষণা কৰে যে, ইমাৰ্জেন্সী ক্ৰেডিট গাৰেণ্টী স্কীম মাৰ্চ ২০২৩লৈকে বঢ়াই দিয়া হৈছে। এই আঁচনিৰ অধীনত গাৰেণ্টী ক'ভাৰ ৫০ হাজাৰ কোটিলৈকে বঢ়োৱা হৈছে আৰু সৰ্বমুঠ ক'ভাৰ এতিয়াৰ পৰা ৫ লাখ কোটি হ'ব।




Post a Comment

Previous Post Next Post