Actor Ramesh Deo Passes Away: প্ৰবীণ অভিনেতা ৰমেশ দেও আৰু নাই ! হৃদৰোগত আক্ৰান্ত হৈ ৯৩ বছৰ বয়সত মৃত্যু ...

 

হিন্দী আৰু মাৰাঠী চিনেমাৰ প্ৰবীণ অভিনেতা ৰমেশ দেওৰ  বুধবাৰে মুম্বাইৰ এখন চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। এই কথা তেওঁৰ পুত্ৰ চলচ্চিত্ৰ নিৰ্মাতা অভিনয় দেওৱে পিটিআইক প্ৰকাশ কৰিছে। মৃত্য়ুৰ সময়ত ৰমেশ দেৱৰ বয়স আছিল ৯৩ বছৰ। অভিনয় দেওৱে কয়, "বুধবাৰে নিশা প্ৰায় ৮.৩০ বজাত কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৯৩ বছৰ।"


ৰমেশ দেও তেওঁৰ কেৰিয়াৰত বহুতো হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কৰা কামৰ বাবে জনাজাত আছিল। তেওঁ ১৯৬২ চনৰ 'আৰতি' চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ উদ্যোগত যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত, বিখ্যাত অভিনেতাজনে অমিতাভ বচ্চন, ৰাজেশ খান্না, শত্ৰুঘ্ন সিনহা আৰু হেমা মালিনী-ধৰ্মেন্দ্ৰৰ দৰে তাৰকাৰ সৈতে স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ নামত বহুতো জনপ্ৰিয় চলচ্চিত্ৰ আছে, যাৰ ভিতৰত আছে 'আনন্দ', 'আপ কি কচম' আৰু 'মেৰে আপনে' আৰু 'ড্ৰীম গাৰ্ল'।

Post a Comment

Previous Post Next Post