'কুকুৰে খোৱা বিস্কুট আমাক খাবলৈ দিয়া ৰাহুল গান্ধীয়ে শিষ্টাচাৰৰ কথা নোকোৱাই ভাল'- আকৌ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য ৰাহুল গান্ধী


কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ। সংসদৰ বাজেট অধিবেশনৰ আৰম্ভণিত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে মোদী চৰকাৰক আক্ৰমণ কৰাৰ পিছতে বিজেপি নেতা-মন্ত্ৰীসকলৰ ৰোষত পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।


বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুলক আক্ৰমণ কৰি নিজৰ টুইটাৰ হেণ্ডেলত  লিখে যে, "মহাশয় ৰাহুল গান্ধী, যিজনে অসমৰ পৰা যোৱা নেতাৰ সন্মুখত কুকুৰক বিস্কুট খোৱায় আৰু সেই বিস্কুটকেই তেওঁলোকলৈ আগবঢ়ায়, তেওঁ ৰাজনৈতিক শিষ্টাচাৰৰ কথা নোকোৱাই ভাল। INCৰ হাইকমাণ্ড মানসিকতাই হৈছে প্ৰথম আৰু শেষ কথা। ভাৰতৰ মানুহে এই কথা ভালদৰে জানে।

উল্লেখ্য যে, বুধবাৰৰ দিনটোত ৰাহুল গান্ধীয়ে লোকসভাত ৰখা বক্তব্যত উল্লেখ কৰিছিল যে, ”বৰ্তমান একেলগে দুখন ভাৰত আছে৷ এখন ভাৰত অত্যন্ত ধনী লোকৰ বাবে আৰু আনখন দৰিদ্ৰসকলৰ। দুয়োখন ভাৰতৰ মাজত বৰ্তমান ব্যৱধান বাঢ়ি গৈছে। লগতে ৰাহুল গান্ধীয়ে নিজৰ ভাষণত ন্যায়পালকিা, সংসদ, নিৰ্বাচন আয়োগ, পেগাছাছ আদিৰে চৰকাৰে দেশৰ কণ্ঠ ৰুদ্ধ কৰি দিছে অভিযোগ উত্থাপিত কৰিছিল। ইয়াৰ পিছতে শাসকীয় পক্ষই আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাহুল গান্ধীক।

Post a Comment

Previous Post Next Post