কমেডিয়ান সুনীল গ্ৰ’ভাৰ (Sunil Grover)ক আজি চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। দ্য কপিল শৰ্মা শ্ব’ত কেতিয়াবা গুটথী, কেতিয়াবা ডাঃ গুলাটীৰ ৰূপত দৰ্শকক হাঁহিৰ খোৰাক যোগান ধৰি আহিছে সুনীল গ্ৰোভাৰে। টিভিৰ লগতে তেওঁ ছবি জগততো কাম কৰিছে। ‘ভাৰত’ আৰু ‘বাগী’ ছবিত দৰ্শকৰ সমাদৰ লাভ কৰে। নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এইগৰাকী অভিনেতা। কেতিয়াবা কেৱল ৫০০ টকাও উপাৰ্জন কৰিছিল সুনীল গ্ৰোভাৰে। কিন্তু আজি তেওঁ লাখ লাখ টকাৰ ফিজ লয়। আজি আমি আপোনালোকক জনাম সুনীল গ্ৰোভাৰৰ প্ৰফেচনেল লাইফৰ লগতে পাৰ্ছনেল লাইফৰ বিষয়ে।
সুনীল গ্ৰোভাৰে ছচিয়েল মিডিয়াত খুব সক্ৰিয়। প্ৰায়ে নিজৰ ফানী ভিডিঅ’ৰ জৰিয়তে মানুহৰ মন জয় কৰে। ছচিয়েল মিডিয়া প্লেটফৰ্ম হিউমেনছ অব বম্বেৰ সৈতে বাৰ্তালাপত এবাৰ সুনীল গ্ৰোভাৰে নিজৰ জীৱনৰ সংঘৰ্ষৰ কথা প্ৰকাশ কৰে।
সুনীল গ্ৰোভাৰৰ জন্ম ৩ আগষ্ট ১৯৭৭ত হাৰিয়ানাৰ ছিৰছাত হৈছিল। পিতৃ এগৰাকী বেংক মেনেজাৰ আছিল। তেওঁৰ এগৰাকী ডাঙৰ ভগ্নী এজন ভাতৃ আছে।
নিজৰ সংঘৰ্ষৰ বিষয়ে তেওঁ কয় যে অভিনয় আৰু মানুহক হঁহুওৱাই তেওঁ খুব ভাল পায়। তেওঁ কয় – ‘‘মোৰ মনত আছে, মই তেতিয়া দ্বাদশ শ্ৰেণীত আছিল, মই ড্ৰামা কম্পিটিচনত অংশ লৈছিলো। মুখ্য অতিথিয়ে মোক কৈছিল যে মই ইয়াত অংশ ল’ব নালাগিছিল, কিয়নো বাকীসকলৰ সৈতে অন্যায় হ’ব। মই থিয়েটাৰত নিজৰ মাষ্টাৰ্ছ সম্পূৰ্ণ কৰিছো, অভিনয়ৰ বাবে মুম্বাইলৈ আহিছো।
তেওঁ কয় যে মুম্বাই অহাৰ পিছত ৫০০ টকা মোৰ প্ৰথম উপাৰ্জন আছিল। কিন্তু টকা উপাৰ্জনৰ চিন্তা মোৰ নাছিল, কিয়নো মই জানিছিলো যে মই বহুত টকা উৰাৰ্জন কৰিম আৰু সফল হ’ব, কিন্তু মই বুজি পাইছিলো যে যদি মই এই দৌৰত থমকি ৰওঁ তেন্তে পলম হৈ যাব। কিয়নো মোৰ দৰে বহুতো সংঘৰ্ষৰ শাড়ীত আছে।
সুনীলে ৰেডিঅ’ত ডাঙৰ সুবিধা পাইছিল আৰু তেওঁ কমেডী ছিৰিজ হাঁসী কে ফৱাৰেত কাম কৰিছিল। তাৰ পিছত সুনীলক ‘প্যাৰ তো হোনা হী থা’ত দেখা গৈছিল যিখন তেওঁৰ প্ৰথম ছবি আছিল। লাহে লাহে কমেডী নাইটছ উইথ কপিললৈ আহিল য’ত তেওঁ গুটথীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল আৰু এই চৰিত্ৰটোৱে মানুহৰ হৃদয় জয় কৰিছিল।
সুনীল গ্ৰোভাৰৰ ফেন ফলোয়িং খুবেই বেছি। মিডিয়া ৰিপ’ৰ্ট মতে সুনীল গ্ৰোভাৰে বৰ্তমান প্ৰতিটো খণ্ডৰ বাবে ১০–১৫ লাখ টকা ফিজ লয়।
সুনীলৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৮ কোটি টকা। মুম্বাইত তেওঁৰ এঠা ঘৰ আছে যিটো ২০১৩ চনত কিনিছিল। প্ৰতিখন ছবিত সুনীলৰ মাননী প্ৰায় ৫০ লাখ টকা।
সুনীল গ্ৰোভাৰৰ ওচৰত আছে BMW 5 Series বিলাসী গাড়ী। BMW 5 Series মিড ছাইজ বিলাসী গাড়ীৰ ভিতৰত এখন।
সুনীল গ্ৰোভাৰৰ সুন্দৰী পত্নীৰ নাম আৰতি আৰু পুত্ৰৰ নাম মোহন। সুনীল গ্ৰোভাৰৰ পত্নী আৰতী এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰ। কমেডিয়ানগৰাকীৰ পত্নী খুব সুন্দৰ। আৰতী ছচিয়েল মিডিয়াত খুব সক্ৰিয় নহয়।