New Mom Priyanka Chopra|| কন্যা সন্তানৰ মাতৃ প্ৰিয়ংকা! এতিয়া কিদৰে কৰিছে নিজৰ ৰূপ-চৰ্চা?

 

সম্প্ৰতি চাৰোগেচী পদ্ধতিৰে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে প্ৰিয়ংকা চোপ্ৰাই। জোনাছ পৰিয়ালৰ ফালৰ পৰা প্ৰিয়ংকাই নিজে ছচিয়েল মিডিয়া হেণ্ডেলত এই কথা জনাইছে।

বলীউদৰ পৰিধি ভাঙি এতিয়া আন্তৰ্জাতিক তাৰকাৰ শাৰীত প্ৰিয়ংকা চোপ্ৰা। অভিনয়, গীতৰ লগতে লিখা মেলা  কৰিও এতিয়া সফলতা লাভ কৰিছে প্ৰিয়ংকাই। মাতৃ হোৱাৰ সময়ত প্ৰিয়ংকাৰ বয়স ৪০। কিন্তু আজিও তেওঁ গোলাপ ফুলৰ দৰে সতেজ প্ৰিয়ংকা।

প্ৰিয়ংকাই নিজে এটা ইণ্টাৰভিওত জনাইছিল যে, পুৱা উঠি তেওঁ এটা তামৰ গ্লাচত আগনিশা থোৱা পানী সেৱন কৰে।


শ্বুটিঙৰ বাবে বা বিভিন্ন অনুষ্ঠানলৈ যোৱাৰ সময় মেকআপ কৰিবলগীয়া হয় প্ৰিয়ংকাই।

ইয়াৰ উপৰিও মাহে দুবাৰ ফেচিয়েল কৰে প্ৰিয়ংকাই।


প্ৰতিদিনে আঠ ঘণ্টাকৈ শুৱে প্ৰিয়ংকা চোপ্ৰাই। সেইদৰে দৈনিক ১ ঘণ্টাকৈ ব্যায়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে।


বলীউদৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা এতিয়াও বহুতৰে বাবে সপোনৰ ৰাণী। অভিনেত্ৰীগৰাকীয়ে নিজৰ সাজ-পোছাকলৈও নিজে গুৰুত্ব দিয়ে। নিজকে সুন্দৰ কৰি ৰাখিবলৈ ডায়েট প্লেনো নিজে প্ৰস্তুত কৰে।


Post a Comment

Previous Post Next Post