Covid-19 In India: পুনৰ দেশত Coronaত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ! ২৪ ঘণ্টাত আক্ৰান্ত ১.৭২ লাখ, প্ৰাণ হেৰুৱালে ১০০৮ জনে ...

 

Covid-19 In India: বিগত ২৪ ঘণ্টাত ভাৰতত Corona Virus সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশখনে ২৪ ঘণ্টাত ১,৭২,৪৩৩ টা নতুন কৰোনা আক্ৰান্ত (Covid Cases) নথিভুক্ত কৰিছে। কালিৰ তুলনাত ক'ৰোনাৰ ক্ষেত্ৰত ৬.৮% বৃদ্ধি হৈছে। মাত্ৰ ২৪ ঘণ্টাত, দেশখনত ১০০৮ জন লোকৰ মৃত্যু হৈছে।


এতিয়ালৈকে, কৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত ভাৰতত ৪ লাখ ৯৮ হাজাৰ ৯৮৩ জন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত, দেশখনত ২,৫৯,১০৭ জন লোক কৰোনাৰ পৰা আৰোগ্য হৈছে। দেশত কৰোনাৰ সক্ৰিয় ঘটনা ১৫,৩৩,৯২১ লৈ বৃদ্ধি হৈছে। একে সময়তে, দেশত দৈনিক সংক্ৰমণৰ হাৰো ১০.৯৯ শতাংশলৈ বৃদ্ধি হৈছে। ভাৰতত এতিয়ালৈকে ১৬৭.৮৭ কোটিতকৈও অধিক কৰোনা ভেকছিন প্ৰদান কৰা হৈছে।

Post a Comment

Previous Post Next Post